
বিদ্যালয় স্তৰত ছাত্ৰ ছাত্ৰীক চিন্তাৰ স্বাধীনতা নিদিলে তেওঁলোকৰ সুপ্ত প্ৰতিভা জাগ্ৰত কৰা সহজ নহয়। ছাত্ৰ ছাত্ৰীক অন্য ধৰণে চিন্তা কৰাৰ পৰিবেশ বিদ্যালয়ত শিক্ষকসকলে দিব লাগিব।এই ক্ষেত্ৰত বিদ্যালয়ৰ বিজ্ঞান শিক্ষকসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। বিদ্যালয়ৰ বিজ্ঞান শিক্ষাক কেৱল কিতাপৰ পাততেই আৱদ্ধ নাৰাখি ছাত্ৰ ছাত্ৰীসকলক অনুসন্ধান আৰু পৰ্যবেক্ষণ কৰাৰ পৰিবেশ দিব লাগিব। কোনো জাগতিক বিষয়ৰ ওপৰত ছাত্ৰৰ প্ৰশ্নৰ উদ্বেগ হ’লে তাক বিজ্ঞান শিক্ষকে গুৰুত্ব সহকাৰে লোৱা উচিত। ছাত্ৰ-ছাত্ৰীৰ মনত কোনো নতুন ধাৰণা আহিলে, তাক বিকশিত কৰাৰ পৰিবেশ বিজ্ঞান শিক্ষক সকলে দিব লাগিব। তেতিয়াহে বিদ্যালয় পৰ্যায়তেই ছাত্ৰ ছাত্ৰীৰ উদ্ভাৱনী শক্তিৰ বিকাশ হ’ব। সেই উদ্ভাৱনী শক্তিয়েই এদিন নতুন আৱিষ্কাৰৰ সমল হৈ পৰিব। আজি আমিনগাঁৱৰ সৰলা বিৰলা জ্ঞান জ্যোতিত অসম মাধ্যমিক শিক্ষা পৰিষদৰ উদ্যোগত আৰু কামৰূপৰ শিক্ষা বিভাগৰ সহযোগত কামৰূপৰ বিদ্যালয় সমূহৰ বিজ্ঞান শিক্ষকৰ বাবে আয়োজিত এক মত বিনিময় অনুষ্ঠানত ভাগ লৈ অসমৰ বৰেণ্য উদ্ভাৱক পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে এইদৰে কয়। তেওঁ আৰু কয় যে বিদ্যালয়ত বিজ্ঞান শিক্ষাক অধিক জনপ্ৰিয় কৰিবলৈ হ’লে পৰীক্ষাৰ সহায়ত বিজ্ঞানৰ পাঠসমূহক বোধগম্য হোৱাকৈ ছাত্ৰ ছাত্ৰীৰ আগত দাঙি ধৰিব পাৰিব লাগিব।
মত বিনিময় অনুষ্ঠানত ভাগ লৈ অসম মাধ্যমিক শিক্ষা পৰিষদৰ চেয়াৰমেন ৰমেশ জৈন, অসমৰ মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ড. ননী গোপাল মহন্ত, অসম মাধ্যমিক শিক্ষা পৰিষদৰ সচিব সুৰঞ্জনা সেনাপতি, কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিক এন, কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, অধ্যাপক নীৰেন শৰ্মা আদিয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিভিন্ন দিশ আলোকপাত কৰে। ৰাষ্ট্ৰীয় শিক্ষা নীতিত বিজ্ঞান শিক্ষাক জনপ্ৰিয় কৰিবলৈ ল’ব লগা ব্যৱস্থাৱলীৰ বিষয়েও তেওঁলোকে ভাষণত বহলাই কয়। বক্তাসকলে ভাষণত বিজ্ঞান শিক্ষাই যাতে ভৱিষ্যতে শিক্ষাৰ্থীসকলক কেৱল নিজৰ কেৰিয়াৰ গঢ়াৰ বাবে প্ৰস্তুত নকৰি দহজনৰ জীৱন -জীৱিকাৰ গৰাকী হোৱাৰ সামৰ্থ্য অৰ্জন কৰিব পাৰে ,সেইদিশত গুৰুত্ব আৰোপ কৰে। নয়নমণি দাসে আঁত ধৰা উক্ত সভাত জিলাখনৰ প্ৰায় দুই শতাধিক বিজ্ঞান শিক্ষক উপস্থিত থাকে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে উদ্ভাৱকৰ সৈতে বিদ্যালয়ৰ বিজ্ঞান শিক্ষকসকলৰ এনে মত বিনিময় অনুষ্ঠান কামৰূপ জিলাত হোৱা নাছিল। অনুষ্ঠানত ভাগ লোৱা বিজ্ঞান শিক্ষকসকলে অনুষ্ঠানটোত ভাগ লৈ নিজৰ অভিজ্ঞতা ব্যক্ত কৰি কয় যে আজিৰ অনুষ্ঠানে তেওঁলোকক শ্ৰেণীকোঠাত বিজ্ঞান বিষয়ৰ পাঠদানত নতুন মাত্ৰা প্ৰদান কৰিব।তাৰ বাবে তেওঁলোকে কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক আৰু অসম মাধ্যমিক শিক্ষা পৰিষদৰ বিষয়ববীয়া সকলক ধন্যবাদ জ্ঞাপন কৰে।
1 Comment
Rabin pathak · 18 December 2021 at 8:03 PM
আন ৰাজ্যৰ তুলনাত অসমত বিজ্ঞান শিক্ষাৰ ছাত্র ছাত্রী কম। এনেবোৰ কাৰ্যসূচীয়ে আমাৰ ছাত্র ছাত্রী সকলক বিজ্ঞান শিক্ষাৰ প্ৰতি নিশ্চয়কৈ ধাউতি বঢ়াব। আমাৰ গাঁও বিলাকত বিজ্ঞান শিক্ষাক উদগনি দিয়া অতি প্ৰয়োজন ।
Comments are closed.