প্ৰত্যেক ব্যাক্তি নিজেই একোখন উপন্যাস: ডা. ৰণোজ পেগু

সৰহভাগ মানুহৰেই জীৱন চৰ্যাৰ কোনো পৰিকল্পনা নাথাকে। সময়ৰ সোঁতত নিজকে উটুৱাই দি চলি থাকে। তেনে ‌ব্যক্তিয়ে সংসাৰ সাগৰত অসুখত দিন কটায়।নিজে সমাজৰ পৰা বিচ্ছিন্ন হৈ পৰে। তেনে ব্যক্তিৰ বাবে জীৱন হৈ পৰে অৰ্থহীন। আজি দিশপুৰ প্ৰেছ ক্লাবত অসম চৰকাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া থানেশ্বৰ মালাকাৰে তেখেতৰ উপায়ুক্ত হিচাপে কাৰ্য নিৰ্বাহ কৰা সময়ৰ বিচিত্ৰ কাহিনী আৰু ঘটনাৰ আধাৰত লিখা গ্ৰন্থ”উপায়ুক্তৰ ডায়েৰী”উন্মোচন কৰিঅসমৰ শিক্ষা মন্ত্ৰী ডা. ৰণোজ পেগুৱে এইদৰে কয়। তেওঁ আৰু কয় যে সদায় জীৱনক অৰ্থবহ কৰি ৰাখিবলৈ যত্ন কৰা উচিত। তেওঁ ছাত্ৰ ছাত্ৰীসকলকো পৰিকল্পনাৰ জৰিয়তে আগুৱান হ’বলৈ পৰামৰ্শ আগবঢ়ায়। তেওঁ আৰু কয় যে ভাল কাম আৰু আনক সহায় কৰাৰ মানসিকতাই জীৱনক সুখী কৰি ৰাখে। আনৰ কাঢ়ি খোৱা সকলে ক্ষন্তেকৰ বাবে আসুৰিক তৃপ্তি পায়, কিন্তু পিছত অনুসূচনাত দগ্ধ হ’ব লগা হয়। তেওঁ কয় যে সুখ কেতিয়াও আপেক্ষিক হ’ব নোৱাৰে, ই চিৰস্থায়ী হ’ব লাগে। তেওঁ আৰু কয় যে প্ৰত্যেক ব্যক্তিয়েই একোখন উপন্যাস। একোজন ব্যক্তিৰ বিচিত্ৰ অভিজ্ঞতা,জীৱনবোধৰ সমষ্টিয়েও সুন্দৰ উপন্যাসৰ প্লট হ’ব পাৰে।তাক প্ৰকাশ কৰাৰ উত্তম মাধ্যম হ’ল সাহিত্য। থানেশ্বৰ মালাকাৰে “উপায়ুক্তৰ ডায়েৰী” লিখি তেনে কামৰ সহযোগী হ’বলৈ প্ৰয়াস কৰিছে। তেওঁ থানেশ্বৰ মালাকাৰৰ এই গ্ৰন্থখন এখন সুখপাঠ্য হ’ব বুলি আশা প্ৰকাশ কৰে। তেওঁ আৰু কয় যে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন বাস্তৱ কৰাৰ বাবে বিদ্যাৰ্থীৰ মাজতো অধ্যয়ন সংস্কৃতি গাঢ় কৰ বলৈ চৰকাৰে ই-মাধ্যমত এক বিশেষ এপ মুকলি কৰিব। তেওঁ অৱসৰৰ বাটত থিয় দিবলৈ আগবাঢ়ি থকাসকলক অৱসৰৰ পিছত কি কৰিব তাৰ আগতীয়া পৰিকল্পনা কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।সভাত বিশিষ্ট অতিথি হিচাপে ভাষণ দি অৱসৰপ্ৰাপ্ত উপায়ুক্ত তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি কনক চন্দ্ৰ শৰ্মাই কয় যে সাহিত্য চৰ্চাত প্ৰশাসনিক সেৱাৰ বিষয়াই বৃটিছৰ দিনৰ পৰাই বিশিষ্ট বৰঙণি আগবঢ়াই আহিছে। সেই ধাৰা অব্যাহত ৰাখি থানেশ্বৰ মালাকাৰ সকলোৰে ধন্যবাদৰ পাত্ৰ হৈছে। সভাত দি অসম চৰকাৰৰ প্ৰাক্তন গৃহ সচিব তথা বিশিষ্ট লেখক ধীৰেন্দ্ৰনাথ শ ইকীয়াই তেওঁৰ চাকৰি জীৱনৰ অভিজ্ঞতা ব্যক্ত কৰে। তেওঁ আৰু কয় যে থানেশ্বৰ মালাকাৰ সাম্প্ৰতিক সময়ৰ এগৰাকী মানৱদৰদী লেখক। প্ৰশাসনিক বিষয়া হিচাপেও মালাকাৰে সুখ্যাতি অৰ্জন কৰা বুলি মন্তব্য কৰে। সভাত প্ৰাক্তন উপায়ুক্ত দ্বয় ক্ৰমে ভূপেন দাস আৰু দীপক গোস্বামী আৰু অৱসৰপ্ৰাপ্ত অসম চৰকাৰৰ মুখ্য বন সংৰক্ষক তথা প্ৰাক্তন তথ্য আয়ুক্ত মোহন চন্দ্ৰ মালাকাৰে ভাষণ দি থানেশ্বৰ মালাকাৰৰ এনে প্ৰয়াসৰ শলাগ লয়। সভাৰ আৰম্ভণিতে ডা.গাৰ্গী মালাকাৰে এটি আৰম্ভণি গীত পৰিবেশন কৰে।সভাত গ্ৰন্থ খনৰ ৰচক থানেশ্বৰ মালাকাৰে ভাষণ দি উপায়ুক্তৰ ডায়েৰীখন লিখিবলৈ প্ৰেৰণা যোগোৱা সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ গ্ৰন্থ খনত কেনে বোৰ কথা উল্লেখ কৰিছে তাৰো এক অৱলোকন কৰে।আজিৰ এই অনুষ্ঠানত অসম চৰকাৰৰ যুটীয়া সচিব বিমল ডেকা, কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য, অসম চৰকাৰৰ প্ৰশাসনিক সেৱাৰ বিষয়া নিবেদন দাস পাটোৱাৰী প্ৰমুখ্যে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ এই অনুষ্ঠানটোৰ আঁত ধৰে বিজয় শংকৰ শৰ্মাই।

Share

1 Comment

Rabin Pathak · 4 February 2022 at 9:58 AM

এজন মানুহ কেৱল এজনৰে নহয়, তেওঁ দেহৰ, সমাজৰ, দেশৰ আৰু আনকি সমগ্ৰ বিশ্বৰে হ’ব পাৰে। হয়, থানেশ্বৰ মালাকাৰদেৱে নিজকে নিজৰ পৰিধিৰ ভিতৰত সীমাৱদ্ধ নাৰাখি আকাশে বতাহে বিলাইছে ব্যতিক্ৰমী কৰ্মৰাজীৰ এক বৰ্ণিল উন্মেষ, এক জোতিধাৰা । তেখেতলৈ শুভেচ্ছা থাকিল ।

Comments are closed.