মাৰ্গ দৰ্শনকাৰী শিক্ষকসকলেহে সমাজৰ শিক্ষক হ’ব পাৰে

retired teachers

শিক্ষকতা এনে এক বৃত্তি যাৰ প্ৰকৃততে অৱসৰ নাই। শিক্ষকতা সচাকৈয়ে এক মিশ্যন। কোনো প্ৰকৃত শিক্ষকে শিক্ষাৰ ক্ষেত্ৰৰ পৰা বিচ্ছিন্ন হ’ব নোৱাৰে। শিক্ষকতা চাকৰিৰ পৰা অৱসৰ পোৱাটো এক বিভাগীয় নিয়মহে। প্ৰকৃত শিক্ষকে নিজকে চৰকাৰী অৱসৰৰ পিছতো শিক্ষক হিচাপে পৰিচয় দি গৌৰৱবোধ কৰে। বহুতো চৰকাৰী অৱসৰপ্ৰাপ্ত শিক্ষকে ছাত্ৰৰ সান্নিধ্য অবিহনে থাকিব নোৱাৰে। আনহাতে কিছুসংখ্যক মাৰ্গ দৰ্শনকাৰী শিক্ষকে আজীৱন সমাজৰ শিক্ষক হিচাপে খ্যাতিমান হৈ থাকে। আজি কামৰূপৰ শিক্ষা বিভাগে জিলাখনৰ ৩৮ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক অৱসৰৰ দিনাই পেঞ্চন দিয়াৰ বাবে শৰাইঘাট হাইস্কুলত আয়োজন কৰা এক অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ বিশিষ্ট শিক্ষাবিদ তথা দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্য ই এইদৰে কয়। তেওঁ আৰু কয় যে শিক্ষকসকলে সদায় ত্যাগৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত। শিক্ষকে সদায় ত্যাগৰ জৰিয়তে ভোগৰ পৃষ্ঠপোষকতা কৰে।সেয়ে শিক্ষকসকল সমাজৰ নমস্য। তেওঁ কামৰূপৰ শিক্ষা বিভাগে আৰম্ভ কৰা অৱসৰী আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ শিক্ষামূলক স্বেচ্ছাসেৱা আঁচনিৰ জৰিয়তে নিজকে জড়িত কৰি কম শিক্ষক থকা বিদ্যালয়সমূহক শৈক্ষিক সহায়তা আগবঢ়াবলৈও অৱসৰপ্ৰাপ্ত শিক্ষকসকলক আহ্বান জনায়।সভাত ভাষণ দি কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই কয় যে জিলাখনৰ উত্তৰণৰ বাবে লোৱা পদক্ষেপ সমূহৰ সফল ৰূপায়ণত অৱসৰপ্ৰাপ্ত শিক্ষক সকলে অংশগ্ৰহণ কৰা উচিত। অৱসৰী শিক্ষকসকলৰ অভিজ্ঞতাক শিকনৰ আহিলা হিচাপে লোৱাৰ সময় আহি পৰিছে। তেওঁ জিলাখনত চলি থকা “পঢ়ক আৰু পঢ়ুৱাওক” কাৰ্যসূচীক অধিক ত্বৰান্বিত কৰাত অৱসৰী শিক্ষকসকলৰ সহযোগিতা কামনা কৰে। পেঞ্চন প্ৰদান অনুষ্ঠানত ভাগ লৈ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত বেংক বিষয়া ৰবীন পাঠকে অৱসৰপ্ৰাপ্ত শিক্ষক সকলক ইতিবাচক কামত বিনিয়োগ কৰিবলৈ আহ্বান জনায়। সভাত ৰঙিয়া মহকুমাৰ সহ পৰিদৰ্শক দিগন্ত পাঠক, শৰাইঘাট হাইস্কুলৰ প্ৰধান শিক্ষক তিলক চন্দ্ৰ গোস্বামী আৰু কামৰূপ জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক ৰফিক আহমেদ, বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ গিৰীশ দাসে ভাষণ দি কামৰূপৰ শিক্ষা বিভাগে অৱসৰৰ দিনাই পেঞ্চন প্ৰদান কৰা কাৰ্যৰ শলাগ লয়। উল্লেখযোগ্য যে আজিৰ এই সভাতেই অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ অৱসৰ কালীন সঞ্চিত ছুটীৰ বাবদ পাব লগা ধন আৰু সমূহীয়া বীমা আঁচনিৰ অধীনত পাব লগা ধনৰ মঞ্জুৰি পত্ৰ প্ৰদান কৰা হয়।

Share