বাঁহ গোসাঁই উৎসৱৰ আধাৰত ৰচিত প্ৰথমখন উপন্যাস উন্মোচন

বাঁহ গোসাঁই উৎসৱ অসমৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ জীৱন ৰেখা স্বৰূপ। বহাগ বিহুৰ সময়ত অসমৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলে এই উৎসৱ পালন কৰে। বাঁহ গোসাঁই উৎসৱৰ লগত এই জনগোষ্ঠীটোৰ স্বাভিমান আৰু আধ্যাত্মিক ঐতিহ্যৰ শিপা লুকাই আছে। কিন্তু এই বিশেষ উৎসৱটোৰ আধাৰত আজিকোপতি উপন্যাস ৰচনা হোৱা নাছিল।কুমাৰীকাটা নিবাসী দীপাংকৰ শৰণীয়া নামৰ এজন যুৱকে “বাঁহ গোসাঁই উৎসৱত সুৰজিৎ,ৰূপম,কংকন আৰু পাৰুলহঁত” নামৰ এখন চুটি উপন্যাস লিখি এক অনন্য উদাহৰণ দাঙি ধৰে।১২ এপ্ৰিলত তামুলপুৰৰ বাৰেইগাওঁস্থিত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই উপন্যাসখন উন্মোচন কৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰে।

গ্ৰন্থ খন উন্মোচন কৰি মালাকাৰে কয় যে নতুন প্ৰজন্মৰ এচামৰ মাজত বিজতৰীয়া সংস্কৃতি প্ৰীতিৰ যি প্ৰবণতা গঢ় লৈ উঠিছে সেই সময়ত দীপাংকৰ শৰণীয়াই এই উপন্যাসখন ৰচনা কৰি নতুন প্ৰজন্মৰ আদৰ্শ হ’বলৈ সক্ষম হৈছে। তেওঁ এই উপন্যাসখনক কেৱল সাহিত্যৰ মানদণ্ডৰ জোখত নলৈ শৰণীয়া কছাৰী জনগোষ্ঠীৰ মূল উৎসৱ এটাক পোন প্ৰথমবাৰৰ বাবে বিষয় বস্তু হিচাপে লৈ উপন্যাস ৰচনা কৰাৰ যি প্ৰয়াস তাক স্বীকৃতি দিয়াহে উচিত বুলি মন্তব্য কৰে। তেওঁ আৰু কয় যে শৰণীয়া কছাৰী জনগোষ্ঠীৰ প্ৰথমগৰাকী বৰেণ্য লেখক মেদিনী চৌধুৰীয়ে সাহিত্য চৰ্চাৰ জৰিয়তে শৰণীয়া কছাৰী জনগোষ্ঠীক ধন্য কৰি থৈ গৈছে। তেওঁৰ এই আদৰ্শক জীয়াই ৰাখিবলৈ জনগোষ্ঠীটোক আহ্বান জনায়। গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে ভাষণ দি বিশিষ্ট শিক্ষাবিদ তথা দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্য ই কয় যে শৰণীয়া কছাৰী জনগোষ্ঠীৰ সাহিত্যৰ ইতিহাসত দীপাংকৰ শৰণীয়াৰ এই উপন্যাসখনে এক বিশেষ স্থান লাভ কৰিব। তেওঁ আৰু কয় যে অসমৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ মন বৰ উদাৰ আৰু সাংস্কৃতিক ভাৱেও এই জনগোষ্ঠীটো চহকী।এই জনগোষ্ঠীটোৱে অসমীয়া ভাষাৰ লিপিকেই গ্ৰহণ কৰি বৃহত্তৰ অসমীয়া সমাজ গঠন প্ৰক্ৰিয়াত আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে। তেওঁ শৰণীয়া কছাৰী জনগোষ্ঠীৰ সাহিত্য আৰু লোক সংস্কৃতিৰ সমল সমূহৰ বিজ্ঞান সন্মত সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গোবিন্দ শৰণীয়াৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত শৰণীয়া কছাৰী জনগোষ্ঠীৰ বিশিষ্ট লেখক নলিনী ডেকাই ভাষণ দি শৰণীয়া কছাৰী জনগোষ্ঠীৰ ইতিহাস সংৰক্ষণত তেওঁ লোৱা ভূমিকাৰ বিষয়ে বহলাই ব্যাখ্যা কৰে। উল্লেখযোগ্য যে শৰণীয়া কছাৰী জনগোষ্ঠীৰ ইতিহাস প্ৰণয়নৰ ডেকা আছিল অগ্ৰদূত।সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক দীপজোতি শৰণীয়াই কয় যে দীপাংকৰ শৰণীয়াৰ এই প্ৰচেষ্টাৰ কথা শৰণীয়া কছাৰী জনগোষ্ঠীৰ বাবে স্মৰণীয় হৈ থাকিব। তেওঁ আৰু কয় যে বাঁহ গোসাঁইৰ উৎসৱ শৰণীয়া কছাৰী জনগোষ্ঠীৰ প্ৰাণৰো প্ৰাণৰ। ইয়াতেই এই জনগোষ্ঠীটোৰ সামাজিক বিশ্বাস, দায়বদ্ধতা আৰু আত্মপ্ৰত্যয়ৰ সাহটো সোমাই আছে।এনে উৎসৱৰ আধাৰত ইয়াৰ পূৰ্বে কোনো লেখকে উপন্যাস ৰচনা কৰা নাছিল। অনুষ্ঠানত মধ্য কামপীঠ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ প্ৰবক্তা বিমল মালাকাৰেও ভাষণ দি এই কামৰ শলাগ লয় আৰু সভাত তেওঁ এটি লোকগীত পৰিবেশন সকলোকে আপ্লুত কৰে।বিজয় শংকৰ শৰ্মাই আঁত ধৰা উক্ত গ্ৰন্থ উন্মোচনী সভাৰ আৰম্ভণিতে উপন্যাসখনৰ প্ৰকাশক ফাগুন শৰণীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। উপন্যাসখনৰ ৰচয়িতা দীপাংকৰ শৰণীয়াই সভাত ভাষণ দি কয় যে তেওৰ এই উপন্যাসখনৰ ৰচনাৰ বাবে বিশেষ ভাৱে প্ৰেৰণা যোগোৱা মানুহ দুজন হ’ল বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰ আৰু তেওঁৰ পত্নী মণিকা মালাকাৰ। অনুষ্ঠানত দীপিকা চৰকাৰে এটি ভূপেন্দ্ৰ সংগীত আৰু মণিকা মালাকাৰে এটি হীৰেন ভট্টাচাৰ্যৰ কবিতা আবৃত্তি কৰে। সভাত থানেশ্বৰ মালাকাৰে শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিনিধিক তেওঁৰ স্বৰচিত গ্ৰন্থৰ টোপোলা উপহাৰ দিয়ে। জিতুমণি শৰণীয়াই শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতে শৰণীয়া কছাৰী জনগোষ্ঠীৰ অন্যতম লোক নৃত্য জাকৈ নৃত্য পৰিবেশন কৰি সকলো মুগ্ধ কৰে।
