সাংবাদিক সকল ভয়ৰ কাৰণ হোৱাৰ বিপৰীতে শ্ৰদ্ধাৰ পাত্ৰ হোৱা উচিত



সংবাদ মাধ্যম যদি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয়, সংবাদ মাধ্যমে যদি নিজৰ স্বাধীনতাৰ কথা উচ্চাৰণ কৰে তেন্তে সংবাদ মাধ্যমেও নিজকে অসৎ আচৰণ আৰু বে -আইনী কামৰ পৰা আঁতৰাই ৰাখিব লাগিব।প্ৰয়োজন বোধে তেনে কামত নিজকে নিয়োজিত কৰা সংবাদ মাধ্যম বা সাংবাদিকক শাস্তি বিহা উচিত। এই কথা মহামানৱ মহাত্মা গান্ধীৰ। সাংবাদিক সকলে সততে এই কথা মনত ৰখা উচিত। প্ৰথমতে সাংবাদিকতা আছিল মিছন। পিছত ই হ’ল প্ৰফেচন। সাংবাদিকতা অৱনমিত হৈ পিছলৈ ফেচনত পৰিণত হ’ল।এতিয়া সাংবাদিকতা ক্ৰিয়েশ্বন হ’বলৈ গৈ আছে। অৰ্থাৎ এতিয়া সাংবাদিকতাৰ নামত এচাম সাংবাদিকে নিজৰ মুনাফাৰ বাবে সংবাদ সৃষ্টিত নামি পৰিছে। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে আজি কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু কামৰূপ জিলা সাংবাদিক সন্থাৰ সহযোগত আমিনগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত মুখ্য বক্তা হিচাপে ভাষণ দি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী ড. আংকুৰণ দত্তই এইদৰে কয়। তেওঁ আৰু কয় যে সুখ দুখৰ কোন অস্তিত্ব নাই। কাৰোবাৰ দুখ কাৰোবাৰ বাবে সুখৰ কাৰণ হ’ব পাৰে। সেইদৰে ভয়ৰো কোনো অস্তিত্ব নাই। সাংবাদিক সকল ভয়ৰ বস্তু নহৈ সমাজৰ প্ৰহৰী হৈ থাকিব লাগে। “সংবাদ মাধ্যমক কোনে ভয় নকৰে” শীৰ্ষক বিষয়ত ভাষণ দি তেওঁ আৰু কয় যে বহুতে আনক হানি কৰাৰ লক্ষ্য ৰাখি সাংবাদিকতা কৰে। এনে প্ৰৱণতা সাংবাদিকতাৰ ক্ষেত্ৰখন লৈ অশনি সংকেত। তেওঁ আৰু কয় যে সাংবাদ মাধ্যমে স্বাধীনতা বিচাৰিলে ই নহ’ব, সংবাদ মাধ্যম সমূহ নিজেও দায়বদ্ধ হ’ব লাগিব। কামৰূপৰ অতিৰিক্ত উপায়ুক্ত মানালী জৈনে সঞ্চালনা কৰা এই সভাত ভাষণ দি আমাৰ অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই কয় যে সাংবাদিকক ভয় কৰিব নালাগে, শ্ৰদ্ধা হে কৰিব লাগে ।সাংবাদিকক ভয় কৰিলে স্থায়িত্ব নাথাকে, শ্ৰদ্ধাতহে স্থায়িত্ব থাকে। তেওঁ কয় যে তৰুণ গগৈৰ দ্বিতীয় টো কাৰ্যকালৰ পিছৰে পৰা অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত দুৰ্নীতিয়ে বাহ ল’বলৈ ধৰে।ইয়াৰ আগলৈকে অসমৰ সংবাদ মাধ্যমত শিক্ষকসকলেহে অংশকালীন সাংবাদিকতা কৰিছিল। তেওঁ লোকে চৰকাৰী দৰমহা পাইছিল,আজৰি পৰত মিছন হিচাপে সাংবাদিকতা কৰিছিল। কিন্তু চৰকাৰে শিক্ষকসকলক সাংবাদিকতাৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত কৰাৰ পিছত চাকৰিহীন যুৱক যুৱতী সকলক পূৰ্ণকালীন সাংবাদিক হিচাপে নিযুক্তি দিয়া হল যদিও মাধ্যম সমূহে তেওঁ লোকৰ বেতনৰ কথা নিশ্চিত নকৰিলে।ফলত তেনে একাংশ সংবাদ কৰ্মীয়ে দুৰ্নীতিৰ আশ্ৰয় লবলৈ বাধ্য হৈছে।এয়া শুভ লক্ষণ নহয় বুলি তেওঁ মন্তব্য কৰে। তেওঁ আৰু কয় যে অসমৰ সাংবাদিক সকলৰ বেতন বহু ক্ষেত্ৰত এনৰেগা কৰ্মীৰ মজুৰিতকৈও কম। অসমৰ মাত্ৰ দহ বা বাৰ জনমান সাংবাদিকেহে লাখ টকাৰ ওপৰত দৰমহা পায়। তেওঁ আৰু কয় যে সাংবাদিকসকলে বহু ক্ষেত্ৰত অসমীয়া ভাষাৰ শ্ৰাদ্ধ কৰিছে। সাংবাদিক সকলে বাতৰি পৰিবেশন কৰোতে ভাষাটো শুদ্ধ কৈ ব্যৱহাৰ কৰা উচিত। তেওঁ সাংবাদিক ধীৰাজ ডেকাৰ “হৃদয়ে অঁকা ছবি” নামৰ কবিতা পুথি এখন উন্মোচন কৰি আৰু কয় যে সাংবাদিকতাই বহুতো প্ৰতিভাৱান লেখক -সাহিত্যিকৰ সৃষ্টি শীলতাক ধ্বংস কৰিছে। সভাত কামৰূপ জিলাৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিক ক্ৰমে পৰেশ বৈশ্য আৰু ৰজত বৈশ্য ক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে কামৰূপ জিলা প্ৰশাসনে সম্বৰ্ধনা জনায়। সভাত কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, জিলা সমাজ কল্যাণ বিষয়া ৰুবুল শৰ্মা উপস্থিত থাকে।সভাত কামৰূপৰ আন সাংবাদিক সকলকো জিলা প্ৰশাসনে প্ৰেছ দিৱস উপলক্ষে সন্মান জনায়। আৰম্ভণিতে অভ্যাগতসকলক আদৰণি জনায় কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি মধুসূদন মেধিয়ে আৰু সম্পাদক তৰণী চৰণ কলিতাই শলাগৰ শৰাই আগবঢ়ায়।সভাৰ আঁত ধৰে নয়নমণি দাসে।