বিদ্যালয় পৰ্যায়ত শিক্ষাৰ্থীৰ শৃংখলাবদ্ধ সমাজ চেতনাৰ অনুশীলন গুৰুত্ব

সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত কামৰূপৰ বিদ্যালয় সমূহৰ মাজত আয়োজন কৰা 2021-22 বৰ্ষৰ হাতেলিখা আলোচনী প্ৰতিযোগিতাৰ বিজয়ী বিদ্যালয় সমূহক আঠ এপ্ৰিলত পুৰস্কাৰ বিতৰণ কৰা হয়। কামৰূপৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এই বটা বিতৰণী অনুষ্ঠানত বিজয়ী বিদ্যালয় সমূহক ট্ৰফি আৰু মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ দি কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই কয় যে শিক্ষাৰ্থীৰ মাজত অধ্যয়ন সংস্কৃতি বৃদ্ধিত হাতেলিখা আলোচনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। হাতেলিখা আলোচনীত লিখা মেলা কৰিবলৈ হলে শিক্ষাৰ্থীসকলৰ অধ্যয়নৰ বিকল্প নাই। তেওঁ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলক বিদ্যালয় পুথিভঁৰাল সমূহ সক্ৰিয় কৰি ৰাখিবলৈ আহ্বান জনায়। লগতে তেওঁ প্ৰত্যেক বিদ্যালয়কেই বিদ্যালয় উন্নয়ন আচনি যুগুত কৰিবলৈ আহ্বান জনায়।সভাত ভাষণ দি বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য ই হাতেলিখা আলোচনীৰ বৈশিষ্ট্য সমূহ আলোচনা কৰে। তেওঁ কয় যে হাতেলিখা আলোচনী কেৱল প্ৰতিযোগিতাত যোগদানৰ বাবেই উলিওৱা উচিত নহয়,বৰঞ্চ ইয়াক শিক্ষাৰ্থীৰ সাহিত্য চৰ্চাৰ এক আহিলা হিচাপে প্ৰয়োগ কৰা উচিত। এই বটা প্ৰদান অনুষ্ঠানতেই বিশিষ্ট শিক্ষাবিদৰ সৈতে শিক্ষক ছাত্ৰৰ এক অন্তৰঙ্গ আলাপৰো আয়োজন কৰা হয়।এই আলাপত ভাগ লৈ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দীন ড. দিব্যজ্যোতি মহন্তই কয় যে শিক্ষাৰ্থী সকলক ছাত্ৰাৱস্থাতে জীৱন শৈলীৰ সাধাৰণ শিক্ষা দিয়া উচিত। ছাত্ৰ সকলে যাতে এক শৃংখলাবদ্ধ সমাজ চেতনাৰ দ্বাৰা আকৃষ্ট হ’ব পাৰে তাৰ অনুশীলন বিদ্যালয় পৰ্যায়ৰ হোৱাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। তেওঁ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক উত্তৰণৰ বাবে সহযোগিতাৰে প্ৰতিযোগিতা কৰাৰ ওপৰত গুৰুত্ব দিয়ে।সভাত ভাষণ দি চিংগাপুৰস্থিত অধ্যাপক তথা অসমৰ সু -সন্তান ড.দিগন্ত দাসে কয় যে শিক্ষাৰ্থীসকলক ক্ষেত্ৰভিত্তিক অধ্যয়নৰ জৰিয়তে জ্ঞান আহৰণৰ সুযোগ দিয়া উচিত।ইয়ে ছাত্ৰ ছাত্ৰীসকলক অনুসন্ধিৎসু মনৰ অধিকাৰী কৰে আৰু আত্মবিশ্বাস বঢ়ায়। তেওঁ হাতত থকা সুযোগ সুবিধাৰ ভিত্তিতেই যিকোনো কামৰ আৰম্ভণি কৰাৰ পৰামৰ্শ আগবঢ়ায়। তেওঁ থলুৱা সমলক শৈক্ষিক উত্তৰণত সদ্ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ দিয়ে।সভাত সমগ্ৰ শিক্ষা কামৰূপৰ জিলা আচনি বিষয়া ক্ৰমে ফুলপাহি নাথ আৰু চুইটী বেজবৰুৱাও উপস্থিত থাকে। অনুষ্ঠানৰ আঁত ধৰে পল্লৱী পাঠকে।

Share
Categories: News