একেদিনাই ১২৫১খন হাতেলিখা আলোচনী উন্মোচন
ছাত্ৰৰ সফলতাই শিক্ষকক মহীয়ান কৰে:মালাকাৰ
শিক্ষাৰ্থীক প্ৰকৃতি আৰু পৰিস্থিতিৰ পৰাও শিকিবলৈ পৰিবেশ সৃষ্টি কৰা উচিত:ড. পাঠক
ছাত্ৰক অনুসন্ধিৎসু কৰিব পৰাটো শিক্ষকৰ মহৎ কাম: কাৰ্তিক এন
কামৰূপৰ ঐতিহ্য কুইজ, হাতেলিখা আলোচনী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা |



ছাত্ৰৰ সফলতাইহে শিক্ষকক মহীয়ান কৰে। শিক্ষকে ছাত্ৰৰ হৃদয় আলোকিত কৰিব পৰাটোৱেই হ’ল কৃতিত্ব। আমি জীৱনত আনকি অকৃতজ্ঞ লোককো সহায় কৰি আহিছো, কিন্তু নিজঝৰ শিক্ষাগুৰুৰ প্ৰতি কি কৰিছো তাক প্ৰত্যেক জন ব্যক্তিয়ে বিচাৰ কৰি চোৱা উচিত।যোৱা ২৫ জানুৱাৰীত আমিনগাৱত কামৰূপৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সমগ্ৰ শিক্ষা, কামৰূপৰ উদ্যোগত ১২৫১ খন হাতেলিখা আলোচনীৰ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দি বিশিষ্ট সাহিত্যিক তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া থানেশ্বৰ মালাকাৰে এই দৰে কয়। তেওঁ আৰু কয় যে আমি ছাত্ৰক আকাশলৈ চাবলৈ শিকাওতে এই কথাও সোৱৰাই দিয়া উচিত যাতে তেওঁ লোকে নিজৰ শিপা,মাটি আৰু মানুহৰ কথা নাপাহৰে। তেওঁ কয় যে সমাজত এতিয়া সামাজিক সংঘাত, বাঢ়িছে। কিন্তু সেই সমূহৰ কেৱল আইনৰ দ্বাৰা সমাধান কৰিব নোৱাৰি।নতুন প্ৰজন্মক বিনয়ী আৰু বিবেকবান হ’বলৈ শিক্ষকসকলে অনুপ্ৰাণিত কৰিলে ভৱিষ্যতে তেওঁ লোকে এনে সামাজিক অসূয়াৰ পৰা মুক্ত হ’ব পাৰিব। হাতেলিখা আলোচনীসমূহ উন্মোচনী অনুষ্ঠান মুকলি কৰি বিশিষ্ট শিক্ষাবিদ ড. দয়ানন্দ পাঠকে কয় যে সমাজৰ প্ৰগতিৰ বাবে শিক্ষাৰ কোনো বিকল্প নাই। ছাত্ৰ ই কেৱল পাঠ্যপুথিৰ পৰাই নিশিকে, প্ৰকৃতি আৰু পৰিস্থিতিৰ পৰাও ছাত্ৰক শিকাৰ ব্যৱস্থা শিক্ষক সকলে কৰিব লাগিব। তেওঁ কয় যে ১২৫১ বিদ্যালয়ৰ পৰা একোখনকৈ হাতেলিখা আলোচনী প্ৰকাশ কৰাই একেদিনাই উন্মোচন কৰাটো সচাকৈয়ে কামৰূপৰ শিক্ষা বিভাগৰ এক শ্ৰেষ্ঠ অনুশীলন। একেদিনাই ১২৫১খন হাতেলিখা উন্মোচন কৰি কামৰূপৰ শিক্ষা বিভাগে অসমত এক অভিলেখ সৃষ্টি কৰা বুলিও তেওঁ কয়। সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত এনে এক পবিত্ৰ কাম সম্পন্ন কৰা বাবে তেওঁ বিশেষ ভাৱে কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াৰ শলাগ লয়। সভাত ভাষণ দি কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিক এনে কয় যে ছাত্ৰৰ মাজত জিজ্ঞাসা বৃদ্ধি কৰাটো হৈছে সাম্প্ৰতিক সময়ৰ শিক্ষকসকলৰ বাবে আটাইতকৈ মহৎ কাম। সভাত ভাষণ দি কামৰূপৰ উন্নয়ন আয়ুক্ত নৰসিংহ বে, কামৰূপৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱাই শিক্ষা বিভাগৰ এই পদক্ষেপৰ শলাগ লয়। সভাত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপক ড. তাৰিণী কান্ত হালৈ , দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্য ই ভাষণ দি হাতেলিখা আলোচনীৰ ইতিহাস আৰু বৈশিষ্ট সমূহৰ বিষয়ে আলোচনা কৰে। সভাত কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি মধুসূদন মেধি, কামৰূপৰ তথ্য আৰু জনসংযোগ বিষয়া মঞ্জু ৰাণী ডেকা, কামৰূপৰ জিলা আচনি বিষয়া ক্ৰমে ফুলপাহি নাথ, সংগীতা গোস্বামী, দেৱযানী দাস প্ৰমুখ্যে জিলাখনৰ ভালেমান বিদ্যালয়ৰ মুৰব্বী আৰু শিক্ষক উপস্থিত থাকে। সভাত আদৰণি ভাষণ দি কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই কয় যে হাতেলিখা আলোচনীৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত পঠন সংস্কৃতি গঢ়ি তোলাৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত এক বৌদ্ধিক চৰ্চাৰ পৰিবেশ সৃষ্টি কৰাত এই হাতেলিখা আলোচনী সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ জিলাখনত শৈক্ষিক উত্তৰণৰ বাবে লৈ অহা পদক্ষেপ সমূহৰ বিষয়ে অৱগত কৰে। তেওঁ আৰু কয় যে ২০১৯ চনত দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কামৰূপৰ শিক্ষা বিভাগে আৰম্ভ কৰা “পঢ়ক আৰু পঢ়ুৱাওক ” কাৰ্যসূচীক এই হাতেলিখা আলোচনীয়ে অধিক প্ৰাণৱন্ত কৰিব।এই অনুষ্ঠানতেই সমগ্ৰ শিক্ষা কামৰূপৰ বিভাগীয় প্ৰাচীৰ পত্ৰিকা”কঠীয়া”ৰ চতুৰ্থ বছৰৰ প্ৰথম সংখ্যাটো উন্মোচন কৰে থানেশ্বৰ মালাকাৰে। সভাৰ আৰম্ভণিতে ড. দয়ানন্দ পাঠকে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভ আৰম্ভ কৰে। অনুষ্ঠানত বামুন্দী জি এল মেমোৰিয়েল হাইস্কুলৰ শিক্ষয়িত্ৰী মানসী ডেকাই সৰস্বতী বন্দনা পৰিবেশন কৰে।শেষত শলাগৰ শৰাই আগবঢ়ায় অপূৰ্ব ঠাকুৰীয়াই। সভাৰ আঁত ধৰে নয়নমণি দাসে।
কামৰূপ জিলা প্ৰশাসনে গণৰাজ্য দিৱস উপলক্ষে আয়োজন কৰা কামৰূপৰ ঐতিহ্য কুইজৰ ফলাফল সমূহ ঘোষণা কৰা হৈছে। ২৫ জানুৱাৰীতবিশিষ্ট কুইজ মাষ্টাৰ দীপাংকৰ কৌশিকে আমিনগাৱৰ সৰলা বিৰলা জ্ঞান জ্যোতি বিদ্যালয়ত পৰিচালনা কৰা উক্ত কুইজ অনুষ্ঠানত বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰ, শিক্ষাবিদ পৰেশ বৈশ্য, কামৰূপৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, বিশিষ্ট শিক্ষাবিদ ড. দয়ানন্দ পাঠক প্ৰমুখ্যে কেইবাজনো ব্যক্তিয়ে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ মাজত এনে ঐতিহ্য বিষয়ক কুইজ অনুষ্ঠিত কৰা বাবে কামৰূপ জিলা প্ৰশাসনৰ শলাগ লয়। কুইজ প্ৰতিযোগিতাৰ ফলাফল এনে ধৰণৰ: প্ৰথম স্থান: পূব কামৰূপ মহাবিদ্যালয়ৰ ৰাহুল দত্ত, পৰাগজ্যেতি ডেকা আৰু সঞ্জীৱ কুমাৰ দাস; দ্বিতীয় স্থান: দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ঋতুৰাজ বড়ো, নিৰুপম দাস আৰু কুলদীপ দত্ত; তৃতীয় স্থান: ছয়গাঁও মহাবিদ্যালয়ৰ ৰূপম দাস, জুবেইৰ হাচান আৰু সাগৰ দাস।
আনহাতে সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত আয়োজিত হাতেলিখা আলোচনী প্ৰতিযোগিতাৰো আজি ফলাফল ঘোষণা কৰা হয়। প্ৰাথমিক শাখাত প্ৰথম স্থান: শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয়(আলোচনী নাম ‘সনাতন’), আৰু ১৫নং বেজাৰা প্ৰা:বি(নিয়ৰ); দ্বিতীয় স্থান: ১৮নং ইচ্ছাদঘৰীয়া প্ৰা:বি( জ্যেতি) আৰু তৃতীয় স্থান: ৰতনপুৰ প্ৰাথমিক বিদ্যালয়(শিখা)। মজলীয়া শাখাত প্ৰথম স্থান: বঙৰা পাচনীয়াপাৰা মজলীয়া বিদ্যালয়(ৰেঙণি), দ্বিতীয় স্থান: গাছবাৰী এম ই স্কুল ( কাচিয়লি) আৰু তৃতীয় স্থান: ভালুকঘাতা মজলীয়া বিদ্যালয় (জ্ঞানদীপ)। মাধ্যমিক শাখাত প্ৰথম স্থান: তাৰাবাৰী আঞ্চলিক উ:মা বিদ্যালয় ( ৰদালি) আৰু পূব বড়িগোগ কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয় (সাধনা) ; দ্বিতীয় স্থান: ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ( জ্ঞানম) আৰু তৃতীয় স্থান: ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় (যাত্ৰা) আৰু পূবপাৰ মদাৰতলা উ:মা বিদ্যালয় (প্ৰকৃতি)। কেইখনমান বিদ্যালয়ৰ হাতেলিখা আলোচনীক উদগণিমূলক বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়।