অসমত হাতেলিখা আলোচনীৰ বীজ ৰোপন হৈছিল ১৯০৭। সেই সময়ত কটন কলেজৰ সাহিত্যানুৰাগী ছাত্ৰ সৰ্বেশ্বৰ বৰুৱাই সম্পাদনা কৰি উলিয়াইছিল অসমৰ প্ৰথম খন হাতেলিখা আলোচনী “সেউতী”।যোৱা ১৬ ডিছেম্বৰত ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালযৰ হাতেলিখা আলোচনী ফেঁহুজালি উন্মোচনী অনুষ্ঠানত ভাগ লৈ বিশিষ্ট শিক্ষাবিদ তথা দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্য ই এইদৰে কয়। ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰভাকৰ তালুকদাৰৰ সভাপতিত্ব অনুষ্ঠিত এই সভাত বৈশ্য ই আৰু কয় যে ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয় খন অসমৰ এখন আগশাৰীৰ প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে যাতে আধুনিক শিক্ষাৰ সকলো ক্ষেত্ৰতেই বিচৰণ কৰিব পাৰে তাৰ ব্যৱস্থা বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলে গ্ৰহণ কৰি আহিছে।এই ক্ষেত্ৰত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী সৰস্বতী দত্তৰ অৱদান অনস্বীকাৰ্য্য। তেওঁ আৰু কয় যে হাতেলিখা আলোচনী প্ৰকাশে শিক্ষাৰ্থীক বৌদ্ধিক চৰ্চাৰ এক পৰিৱেশ দিয়ে। সভাত বিদ্যালয় খনৰ হাতেলিখা আলোচনী ফেঁহুজালি উন্মোচন কৰি কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই কয় যে হাতেলিখা আলোচনীৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ সৃষ্টিশীলতাৰ বিকাশ ঘটাব পাৰে। তেওঁ বিদ্যালয় খনৰ শৈক্ষিক কৰ্মসূচীসমূহে ছাত্ৰ ছাত্ৰীক কিদৰে উপকৃত কৰিব পাৰে তাৰ এক সুন্দৰ বিশ্লেষণ কৰে। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ -সাহিত্যিক তথা দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্যক আৰু শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াক ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ তৰফৰপৰা মানপত্ৰ, ফুলাম গামোচা আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ত্ৰৈলোক্য ডেকায়ো বক্তব্য দাঙি ধৰে। অনুষ্ঠানত শিক্ষাৰ্থীসকলে বাৰে-বৰণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।

Share
Categories: News