গাৰো মাধ্যমৰ টেট উৰ্ত্তীৰ্ণক জনাব সম্বৰ্ধনা

বছৰৰ শেষৰ দিন ৩১ ডিছেম্বৰত অসমৰ শিক্ষা মন্ত্ৰী ডা. ৰণোজ পেগুৱে কামৰূপ জিলাৰ সীমামূৰীয়া অঞ্চল গোহালকোণালৈ আহিব। এইবাৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক টেট পৰীক্ষাত উত্তীৰ্ণ হোৱা গাৰো মাধ্যমৰ ১৩ গৰাকী শিক্ষাৰ্থীৰ লগতে পৰীক্ষাৰ্থী সকলক প্ৰশিক্ষণ দিয়া ফেকাল্টীসকলকো শিক্ষামন্ত্ৰী গৰাকীয়ে সম্বৰ্ধনা জ্ঞাপন কৰিব। কামৰূপ জিলা প্ৰশাসনে আয়োজন কৰা এই অনুষ্ঠানত কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিক এন, স্হানীয় বিধায়ক উপস্থিত থাকিব। উল্লেখযোগ্য যে কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াৰ প্ৰচেষ্টাত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। কামৰূপ জিলা প্ৰশাসনে লোৱা এই পদক্ষেপৰ বাবে গোহালকোণাবাসীয়ে অতিশয় আনন্দিত হৈছে।এই কাৰ্যসূচীৰ অন্তত মন্ত্ৰী গৰাকীয়ে কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকে বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত আয়োজন কৰা জিলা খনৰ ভালেসংখ্যক অৱসৰপ্ৰাপ্ত শিক্ষকক অৱসৰৰ দিনাই পেঞ্চনৰ যাৱতীয় নথি-পত্ৰ প্ৰদান কৰিবলগীয়া অন্য এক কাৰ্যসূচীত ভাগ ল’ব। মন্ত্ৰী গৰাকীয়ে মহাবিদ্যালয় খনৰ শ্ৰেষ্ঠ অনুশীলন সমূহৰো বুজ ল’ব।

Share
Categories: News

1 Comment

Rabin pathak · 30 December 2021 at 9:53 PM

যিকোনো কামেই নিষ্ঠাৰে সম্পাদন কৰিলে তাৰ ফল হয় সুদূৰপ্ৰসাৰী । গোহালকোণাৰ ঊদাহৰণে বহু ন ন চিন্তাৰ উন্মেষ ঘটাইছে।

Comments are closed.