হাইস্কুল শিক্ষকৰ নূন্যতম শিক্ষাগত অৰ্হতা হব স্নাতকোত্তৰ ডিগ্ৰী

এতিয়াৰে পৰা পৰৱৰ্তী সময়ত হাইস্কুলত নিযুক্তিৰ বাবে শিক্ষকৰ শিক্ষাগত অৰ্হতা হব স্নাতকোত্তৰ ডিগ্ৰী আৰু লগতে বি. এড ডিগ্ৰী। স্নাতক ডিগ্ৰী ধাৰী প্ৰাৰ্থীয়ে নাপাব হাইস্কুলত শিক্ষকৰ চাকৰি। আনকি ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীত পঢ়োৱা শিক্ষকৰো নূন্যতম শৈক্ষিক অৰ্হতা হব স্নাতকোত্তৰ ডিগ্ৰী। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে নূন্যতম শৈক্ষিক অৰ্হতা হব স্নাতক ডিগ্ৰী। আনহাতে ২০৩০ চনৰ পিছত ডি.এল.এড ডিগ্ৰীৰেও নাপাব প্ৰাথমিক বিদ্যালয়ৰ চাকৰি। তেওঁলোকৰ বাবেও এসময়ত বি.এড ডিগ্ৰীহে প্ৰযোজ্য হ’ব। অলপতে কামৰূপ জিলাৰ সীমামূৰীয়া অঞ্চল গোহালকোণাত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু কামৰূপৰ শিক্ষা বিভাগৰ সহযোগত গোহালকোণাৰ গাৰো মাধ্যমৰ টেট উৰ্ত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা এখন ৰাজহুৱা সভাত ভাষণ দি অসমৰ শিক্ষামন্ত্ৰী ডা ৰণোজ পেগুৱে এই দৰে কয়। তেওঁ আৰু কয় যে শিক্ষাৰ উৎকৰ্ষ সাধন কৰাৰ বাবে চৰকাৰে শিক্ষাৰ শিতানত দুই হাজাৰ কোটি টকা খৰচ কৰিব।২৫০০খন বিদ্যালয়ক ৫০ লাখ টকাকৈ অনুদান দিব। তেওঁ আৰু কয় যে জনসাধাৰণে ভাষাক আবেগৰ দৃষ্টিৰে চোৱা অনুচিত। জীৱন জীৱিকাৰ লগত ভাষাৰ প্ৰচলনৰ বহুবোৰ কথা নিৰ্ভৰ কৰে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে অসমীয়া মাধ্যমৰ বিদ্যালয়ত প্ৰায় চাৰি হাজাৰ শিক্ষকৰ পদ খালী আছে। সেই সমূহ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। কিন্তু অসমীয়া মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাত অনুসূচিত জনজাতিৰ প্ৰাৰ্থীয়ে পঢ়াব নোৱাৰে বাবেই তেওঁ লোকে আবেদন নকৰে। এতিয়ালৈকে চৰকাৰে সাতবাৰ বিজ্ঞাপন দিও সেই পদসমূহ পূৰণ কৰিব পৰা নাই বুলি তেওঁ কয়। তেওঁ আৰু কয় যে চৰকাৰে গোহালকোণা হাইস্কুলক দহ লাখ টকা আন্তঃগাথঁনিৰ উন্নয়নৰ বাবে দিব। শিক্ষা মন্ত্ৰী গৰাকীয়ে আৰু কয় যে শিক্ষকৰ নাটনি পূৰণৰ স্বাৰ্থত কোনো কাৰণতেই শিক্ষকৰ টেট পৰীক্ষাৰ প্ৰশ্নকাকতৰ মানদণ্ডৰ ক্ষেত্ৰত শিথিলতা কৰা নহয়।কাৰণ মানৱ সম্পদ সৃষ্টি কাৰী শিক্ষকসকল দক্ষ হব লাগিব। তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া আহ্বান স্বচ্ছতা, সৃজনীশীলতা আৰু আত্মনিৰ্ভৰশীলতাৰ নীতিৰে আমাৰ দেশ বা ৰাজ্য খনক আগুৱাই নিয়াত সংশ্লিষ্ট সকলোকে যত্নপৰ হ’বলৈ আহ্বান জনায়। তেওঁ কয় যে অসমত অনলাইন ব্যৱস্থাৰে শিক্ষা লাভত সফলতা লাভ কৰিব নোৱাৰি বুলি যি চৰ্চা চলিছিল, সেই কথা গোহালকোণাৰ টেট উৰ্ত্তীৰ্ণ প্ৰাৰ্থী সকলে মিছা প্ৰমাণ কৰিলে। কামৰূপৰ বিদ্যালয় পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াৰ সৃজনীশীল চিন্তা ফলত অনলাইন পাঠদানৰ যোগেদিয়েই দক্ষ প্ৰশিক্ষক সকলৰ সহযোগত পোনপ্ৰথমবাৰৰ বাবে গাৰো মাধ্যমৰ ১৩ গৰাকী টেট পৰীক্ষাৰ্থী উৰ্ত্তীণ হ’বলৈ সক্ষম হ’ল। মন্ত্ৰী গৰাকীয়ে এই প্ৰশিক্ষণ ব্যৱস্থাত জড়িত প্ৰশিক্ষকসকলকো সম্বৰ্ধনা জনায়। সভাৰ আৰম্ভণিতে কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিক এনে আদৰণি ভাষণ দি কয় যে গোহালকোণাৰ পৰা উৰ্ত্তীণ হোৱা টেট পৰীক্ষাৰ্থী সকল আন বহুতৰ বাবে প্ৰেৰণাৰ উৎস হব । গোহালকোণাৰ এই অনুপম আৰ্হি আন অঞ্চলেও লোৱা উচিত বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত বকোৰ বিধায়িকা নন্দিতা দাস, ৰাভা হাজং পৰিষদৰ চি.ই.চি টংকেশ্বৰ ৰাভাই ভাষণ দি গোহালকোণা অঞ্চলৰ অভাৱ অভিযোগৰ বিষয়ে শিক্ষামন্ত্ৰী গৰাকীক অৱগত কৰে। সভাত দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য, কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড . প্ৰণৱ শইকীয়া প্ৰমুখ্যে কেইবাজনো শিক্ষাসদীয়ে ভাষণ দি শিক্ষাৰ উত্তৰণৰ বাবে লব পৰা ব্যৱস্থা সমূহৰ বিষয়ে আলোচনা কৰে।সভাত কামৰূপৰ শিক্ষাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা,গাৰো সাহিত্য সভাৰ সভাপতি আৰু সম্পাদক ক্ৰমে সুৰজ চাংমা আৰু জন কে চাংমা,গোহালকোণাৰ গাওবুঢ়া এল. চাংমা, কামৰূপৰ সমগ্ৰ শিক্ষাৰ জিলা আচনি বিষয়া ক্ৰমে ফুলপাহি নাথ, কল্পনা দাস আৰু দেৱজানী দাস উপস্থিত থাকে।সভাৰ আঁত ধৰে শিক্ষয়িত্ৰী পল্লবী পাঠকে। শলাগৰ শৰাই আগবঢ়ায় বিশিষ্ট সমাজকৰ্মী জনচন চাংমাই। সভাত গাৰো সম্প্ৰদায়ৰ বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।

Share
Categories: