শিক্ষা আৰু সাংবাদিকতাৰ উত্তৰণৰ হকে গঠিত ন্যাস পৰেশ বৈশ্য ফাউণ্ডেশ্যনে আজি (১৫ ছেপ্টেম্বৰত) গুৱাহাটী প্ৰেছ ক্লাবত ১৪ সংখ্যক শিক্ষা- সাংবাদিকতা’ৰ দিন উদযাপন কৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট পৰিৱেশ বিজ্ঞানী ড. অৱনী কুমাৰ ভাগৱতীয়ে মুখ্য অতিথি অংশ গ্ৰহণ কৰি কয় যে বৰ্তমান মানৱ সমাজ অতি ব্যক্তি কেন্দ্ৰীক হৈ পৰি পৰিছে।এনে পৰিস্থিতিত আমি আমাৰ উমৈহতীয়া সম্পদসমূহ ৰক্ষাৰ দিশটোক উলাই কৰিলে নহ’ব। তেওঁ আৰু কয় যে মানৱ সমাজ আৰু সভ্যতা সংস্কৃতিৰ উমৈহতীয়া দিশ সমূহত আমি সকলোৱে গুৰুত্ব দিব লাগিব।তেতিয়াহে পৃথিৱীখন সুন্দৰ হ’ব। প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ -সাহিত্যিক ড. দয়ানন্দ পাঠকে অনুষ্ঠানত সন্মানিত অতিথি হিচাপে ভাগ লৈ কয় যে এতিয়া পৰিবৰ্তন আহিছে,তাক আমি উলাই কৰিব নোৱাৰো। কভিডে আমাক আমি ভবাৰ দৰে জীয়াই থাকিব‌ যে নোৱাৰি সেই শিক্ষা দিলে।
। অনুষ্ঠানত কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া থানেশ্বৰ মালাকাৰে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত পৰেশ বৈশ্য ফাউণ্ডেশ্যনে ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ শিক্ষকৰ বঁটাসমূহ প্ৰদান কৰে।
এইবছৰ এই বঁটা লাভ কৰে গুৱাহাটীৰ নৰকাসুৰ হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী জুনু ৰাজখোৱা, ছিপাঝাৰৰ পকাদলি হাইস্কুলৰ সহকাৰী শিক্ষক চন্দ্ৰ চহৰীয়া আৰু নলবাৰী জিলাৰ ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মানৱ কুমাৰ ৰামচিয়াৰীয়াই। আনহাতে সাতপখলী মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী জেপুলিন দাসক চাৰ্টিফিকেট অব এক্সিলেঞ্চ সন্মান প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এই অনুষ্ঠানতেই অসমীয়া প্ৰতিদিন কাকতৰ ডিমুৰ সংবাদদাতা তৰণী চৰণ কলিতাক শ্ৰেষ্ঠ গ্ৰাম্য সাংবাদিক বঁটা প্ৰদান কৰা হয়। শ্ৰেষ্ঠ শিক্ষক বঁটা আৰু শ্ৰেষ্ঠ গ্ৰাম্য সাংবাদিকৰ বঁটাত আছে এখন গামোচা,এখন মানপত্ৰ,এটি ট্ৰফি আৰু নগদ ধন।সভাত পৰেশ বৈশ্য ফাউণ্ডেশ্যনে ডাকযোগে পতা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী সকলকো বঁটাসমূহ প্ৰদান কৰা হয়। ছেইণ্ট ক্লেৰেট স্কুল, বৰঝাৰৰ ছাত্ৰ নিহাল গোস্বামীয়ে অংকন কৰা ছবি খন শ্ৰেষ্ঠ হিচাপে বিবেচিত হয়।পল্লবী পাঠকে আঁত ধৰা সভাত ভাষণ দি পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ পৰিচালন ন্যাসৰক্ষী পৰেশ বৈশ্য ই কয় যে ন্যাসে ২০০৮ চনৰ পৰাই শিক্ষা, সাংবাদিকতা, সমাজ সেৱা‌ আৰু সামাজিক পৰিবৰ্তনৰ হকে সেৱা আগবঢ়াই অহা বিশিষ্ট ব্যক্তি আৰু অনুষ্ঠান-প্ৰতিষ্ঠানক বঁটা আৰু সন্মান যাচাৰ উপৰিও অভাৱগ্ৰস্ত ছাত্ৰ- ছাত্ৰলৈ আৰ্থিক সাহায্য আৰু ভালেমান বিদ্যালয়ৰ পুথিভঁৰাললৈ গ্ৰন্থ দান কৰি আহিছে। তেওঁ আৰু কয় যে ধনৰ জৰিয়তে বঁটাৰ মান নিৰূপণ কৰিব নোৱাৰি। বঁটাত থাকে দাতাৰ যোগ্যজনক স্বীকৃতি দিয়াৰ বিমল আনন্দ। তেওঁ এই ক্ষেত্ৰত দুটা উদহৰণ দাঙি ধৰি কয় যে ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় একতা আৰু সংহতিৰ বাবে প্ৰতিষ্ঠা কৰা সৰ্বোচ্চ অসামৰিক বঁটাটো হ’ল চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় ঐক্য বঁটা। কিন্তু এই বঁটাত নাই নগদ ধনৰ ব্যৱস্থা।এটি পদক আৰু এখন প্ৰশস্তি পত্ৰ। সেইদৰে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কে.আৰ নাৰায়নন বঁটাটোও ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটি বঁটা।এই বঁটাত ধন দিয়াৰ ব্যৱস্থা নাই।এটি স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ।অথচ এই দুটা বঁটাৰ বাবে নিৰ্বাচিত হ’বলৈ সহজ নহয়। সভাত তেওঁ আগত দিনত ন্যাসে ভালেমান নতুন পদক্ষেপ গ্ৰহণ কৰাৰ কথাও সদৰী কৰে।

Share

1 Comment

Rabin Pathak · 15 September 2021 at 10:37 PM

পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ উদ্দেশ্য আৰু লক্ষ্য মহান । সেইদৰে ফাউণ্ডেশ্যনৰ দ্বাৰা স্বীকৃতপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্রীকে ধৰি সকলো আমাৰ সন্মানৰ পাত্ৰ।। তেখেতসকলৰ কৰ্মৰাজি সমানে অনুকৰণীয়। বৈশ্যৰ শিক্ষাৰ জগতখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ শলাগ লৈছো।

Comments are closed.