শিক্ষক – ছাত্ৰৰ নিয়মীয়া উপস্থিতিয়ে বিদ্যালয়ৰ সৌন্দৰ্য বঢ়ায়: অপূৰ্ব ঠাকুৰীয়া

১জানুৱাৰী:বিদ্যালয়ত শিক্ষক আৰু ছাত্ৰ- ছাত্ৰীৰ নিয়মীয়া উপস্থিতিয়ে বিদ্যালয়ৰ সৌন্দৰ্য বঢ়ায়। নিয়মীয়া শিক্ষক বা ছাত্ৰ ছাত্ৰীসকল সঁচা অৰ্থত বিদ্যালয়ৰ সম্পদ।যিসকল শিক্ষকে পলমকৈ বিদ্যালয়ত প্ৰৱেশ কৰে বা কৰ্তব্যত অৱহেলা কৰে তেনে শিক্ষক সমাজৰ দ্বাৰা সমালোচিত হয় । শিক্ষকে সময় মতে বিদ্যালয়লৈ নহাটো এক অপৰাধ।আজি নৱবৰ্ষ উপলক্ষে কামৰূপ জিলাৰ দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত “স্বাগতম:২০২২” অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দি কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা কামৰূপৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই এইদৰে কয়। তেওঁ বিদ্যালয় খনক পূৰ্বৰ অধ্যক্ষ পৰেশ বৈশ্য ই যি মাৰ্গ দৰ্শনৰ জৰিয়তে এক নতুন মাত্ৰা প্ৰদান কৰিছিল, সেই ধাৰাবাহিকতা যাতে কোনো ক্ষেত্ৰতে ম্লান নপৰে সেই ক্ষেত্ৰত সদায় সজাগ থাকিবলৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মধুসূদন মেধিৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত ভাষণ দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য ই কয় যে নতুন শিক্ষানীতিয়ে ৰাজ্যৰ শিক্ষা ক্ষেত্ৰ লৈ ভালেমান নতুন বতৰা আনিব। তাৰ সফলতাত শিক্ষক ,ছাত্ৰ- ছাত্ৰী আৰু সমাজৰ সক্ৰিয় অংশ গ্ৰহণ বহু পৰিমাণে নিৰ্ভৰ কৰিব। তেওঁ শিক্ষক সকলক ছাত্ৰ- ছাত্ৰীৰ মাৰ্গ দৰ্শক হবলৈ আহ্বান জনায়। সভাত বিশিষ্ট অতিথি হিচাপে ভাষণ দি কামৰূপৰ জিলা আচনি বিষয়া ফুলপাহি নাথে কয় যে ছাত্ৰ- ছাত্ৰীসকল এখন বিদ্যালয়ৰ সম্পদ। গতিকে এই সম্পদখিনিক সাকাৰ ৰূপ দিয়াত শিক্ষক-শিক্ষয়িত্ৰীসকলে আগভাগ ল’ব লাগিব। সভাত উপস্থিত থাকি বিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শৰৎ চন্দ্ৰ কলিতা, শিক্ষয়িত্ৰী ক্ৰমে জুৰিটি দেৱী, জ্যোতিকা ডেকা, ভনিতা বৈশ্য আদিয়ে ছাত্ৰ- ছাত্ৰীসকলক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে। এই অনুষ্ঠানতেই কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াক দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা ফুলাম গামোচা,শৰাই আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিষয়া গৰাকীয়ে অসম বিধানসভাৰ মজিয়াত প্ৰশংসিত হোৱাৰ লগতে কামৰূপ জিলাৰ শিক্ষাৰ উত্তৰণৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে এই সন্মান প্ৰদান কৰা হয়। সভাৰ সামৰণিত দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মধুসূদন মেধিয়ে সকলোকে বিদ্যালয় খনৰ হকে সেৱাৰ মনোভাবেৰে কাম কৰি যাবলৈ আহ্বান জনায়। এই অনুষ্ঠানতেই বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলে গীত- মাত, নৃত্য আৰু কবিতা আবৃত্তি কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৰ্ধন কৰে।