শিক্ষাবিদৰ সৈতে সনাতন বালিকা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰীৰ আলাপ

এখন বিদ্যালয়ৰ সফলতা শিক্ষকসকলৰ ইতিবাচক ভূমিকাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। কাৰণ বিদ্যালয় স্তৰটোৱেই হৈছে মানৱ সম্পদ গঢ়াৰ কঠীয়াতলী। আমাৰ সমাজক সদায় মহীয়ান কৰি ৰাখিবলৈ হ’লে সমাজত ভাল মানুহ সৃষ্টি হ’ব লাগিব।কেৱল ভাল বিদ্যালয়েহে সমাজ নিৰ্মাণৰ খনিকৰ সৃষ্টি কৰিব পাৰে। ৭ এপ্ৰিলত শুৱালকুছিৰ গনেশ দাস হাইস্কুলত বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যৰ “ভাল শিক্ষক,ভাল বিদ্যালয়” নামৰ এখনি শিক্ষা বিষয়ক মূল্যবান গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যক ড. দয়ানন্দ পাঠকে এইদৰে কয়। তেওঁ আৰু কয় যে শিক্ষক সমাজ এখনকে পৰিবৰ্তন কৰি দিব পাৰে ।গ্ৰন্থ উন্মোচনী সভাত ভাষণ দি গ্ৰন্থ খনৰ ৰচয়িতা তথা বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য ই কয় যে শিক্ষাত চিন্তাৰ স্বাধীনতা আৰু কল্পনাৰ স্বাধীনতা থাকিব লাগিব।এটা শিশুক প্ৰকৃত মানুহ হিচাপে গঢ়ি তোলাত শিক্ষকৰ যি ভূমিকা থাকে,তাক আন কাৰোৱেই লগত তুলনা কৰিব নোৱাৰি। তেওঁ আৰু কয় যে শিক্ষকে ছাত্ৰক কেৱল জ্ঞানেই নিদিয়ে, শিক্ষাৰ্থীক মহান চিন্তা কৰাৰ আৰু ডাঙৰ সপোন দেখাৰ গতি। আচলতে মানুহ গঢ়া কমাৰশালত শিক্ষকে ছাত্ৰক নিশিকায় কিন্তু কেনেকৈ শিকিব লাগে তাকেহে শিকায়। তেওঁ আৰু কয় যে আমাৰ সমাজত বহুতো শিক্ষক আছে কিন্তু সকলো শিক্ষকেই ছাত্ৰৰ বাবে প্ৰেৰণাদায়ক শিক্ষক হ’ব পৰা নাই। বৈশ্য ই তেওঁৰ মনোজ্ঞ ভাষণত আৰু কয় যে আজিৰ শিক্ষক হ’ব লাগিব চলন্ত অভিধানৰ দৰে সমল শিক্ষক। সদায় শিকাৰু হোৱাৰ মানসিকতা, শিক্ষকতা বৃত্তিৰ প্ৰতি শ্ৰদ্ধা আৰু আগ্ৰহ, নিজে শিকোৱা বিষয়ক ভালপোৱা,অনুসন্ধিৎসু মন আৰু সৃজনীশীলতাই হ’ল সমল শিক্ষকৰ চৰিত্ৰৰ মূল আধাৰ। তেওঁ আৰু কয় যে পাঠদানেই শিক্ষক জীৱনৰ শ্ৰেষ্ঠতম আনন্দ যদিও সমাজখনকো নতুন ৰূপত গঢ় দিয়াৰ অংশীদাৰ হ’ব লাগিব শিক্ষক সমাজ।কেৱল পৰীক্ষাত ভাল ফল দেখুৱালেই এখন বিদ্যালয় ভাল হ’ব নোৱাৰে। বিদ্যালয় খনে সমাজৰ কামত অহা কিমান মানৱ সম্পদ সৃষ্টি কৰিব পাৰিছে তাৰ ওপৰতহে আচলতে বিদ্যালয় এখনৰ সফলতা নিৰ্ভৰ কৰে।সভাত সন্মানিত অতিথি হিচাপে ভাষণ দি অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব তথা বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰে কয় যে ভালৰ অনুশীলন কৰাটো আমাৰ সাধনা হোৱা উচিত। তেওঁ আৰু কয় যে পৰেশ বৈশ্যৰ এই গ্ৰন্থখন অসমৰ সকলো বিদ্যালয় প্ৰধান আৰু শিক্ষকসকলে পঢ়া উচিত।সভাত বিশিষ্ট অতিথি হিচাপে ভাষণ দি কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই কয় যে পৰেশ বৈশ্য এগৰাকী কৃতবিদ্য লোক আৰু শৈক্ষিক সমাজক মাৰ্গ দৰ্শন দিব পৰা এগৰাকী শিক্ষক। তেওঁ তেখেতৰ এই গ্ৰন্থখন সকলো শিক্ষকে আদৰি লৈ নিজৰ বৃত্তিক মহীয়ান কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ আৰু কয় যে শিক্ষকসকলে ছাত্ৰক হৃদয়ৰ জৰিয়তে সংযোগ কৰিব পাৰিব লাগিব।তেতিয়াহে তেওঁ ভাল শিক্ষক হ’ব পাৰিব। বিশিষ্ট সমাজকৰ্মী ৰবীন পাঠকে আত ধৰা উক্ত সভাত গনেশ দাস হাইস্কুলৰ প্ৰধান শিক্ষক শ্যাম সুন্দৰ গোস্বামী, শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শেৱালী বৈশ্য, শিক্ষাবিদ কনক দাস, প্ৰবীণ সাংবাদিক যোগেন্দ্ৰ ভৰালী প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। অনুষ্ঠানত গনেশ দাস হাইস্কুলৰ ছাত্ৰী ৰিয়া দাসে বৰগীত আৰু শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয় ছাত্ৰী অনিন্দিতা ডেকাই জ্যোতি সংগীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।শেষত শলাগৰ শৰাই আগবঢ়ায় পৰেশ বৈশ্য ই।


ইফালে আজি কেবাগৰাকী শিক্ষাবিদ – অৱসৰপ্ৰাপ্ত প্ৰশাসকে শুৱালকুছিৰ সনাতন বালিকা প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে। বিশিষ্ট শিক্ষাবিদ ড. দয়ানন্দ পাঠক, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব তথা বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰ, বিশিষ্ট শিক্ষাবিদ তথা দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্য, বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কনক দাসে প্ৰাথমিক বিদ্যালয় খনৰ ছাত্ৰীসকলৰ লগত বাৰ্তালাপ কৰে। দলটোৱে বিদ্যালয় খনৰ শিক্ষয়িত্ৰী সকলৰ লগতো শৈক্ষিক বিষয়ত আলোচনা কৰে।দলটোৱে বিদ্যালয় খনক এখন আদৰ্শ চৰকাৰী প্ৰাথমিক বিদ্যালয় বুলি অভিহিত কৰে আৰু বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী শেৱালী বৈশ্য আৰু সহকাৰী শিক্ষয়িত্ৰী সকলে বিদ্যালয় খনৰ উত্তৰণৰ বাবে কৰি অহা প্ৰয়াসৰ শলাগ লয়। তেওঁলোকে অসমত এনে বিদ্যালয় অসমত খুব কম ওলাব বুলি মন্তব্য কৰে। দলটোৱে বিদ্যালয় খনৰ অভাৱ সমূহ পূৰণৰ বাবে বিভাগীয় বিষয়াৰ লগত আলাপ কৰাৰো আশ্বাস দিয়ে।

Share

1 Comment

Tarani Deka · 7 April 2022 at 10:38 PM

সুন্দৰ প্ৰয়াস, আপোনালোকৰ সদিচ্ছাই জিলাখনৰ লগতে ৰাজ্যখনৰ শৈক্ষিক বাতাবৰনত নিচ্ছিতভাৱে নতুন ৰূপ দিব। ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা।

Comments are closed.