গুৱাহাটী,১৮ ডিছেম্বৰ: ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ বলবৎ হোৱাৰ লগে লগে শিক্ষকসকলৰ ভূমিকা হ’ব অপৰিসীম। নতুন শিক্ষা নীতিৰ প্ৰত্যাহ্বান সমূহৰ লগত মোকাবিলা কৰিবলৈ শিক্ষকসকল মানসিক ভাৱে সষ্টম হ’বৰ সময় হৈছে।অন্যথা ইয়াক ফলৱতী কৰা সম্ভৱ নহয়। আজি দিশপুৰ পাব্লিক স্কুলৰ বাৰ্ষিক দিৱসত মুখ্য অতিথি হিচাপে ভাষণ দি বিশিষ্ট শিক্ষাবিদ ড. দয়ানন্দ পাঠকে এই দৰে কয়। তেওঁ আৰু কয় যে আজি আমি এনে এক যুগসন্ধিত থিয় হৈছোহি যে বহু ক্ষেত্ৰত এজন ছাত্ৰ আমাৰ বাবে শিক্ষক হ’ব পাৰে। বিশেষকৈ ডিজিটেল যুগত নতুন প্ৰজন্ম ই পুৰণি চামৰ বাবে শিক্ষকৰ ৰূপত থিয় হোৱাৰ দক্ষতা অৰ্জন কৰে। তেওঁ শিক্ষকসকলক উদ্দেশ্যি কয় য়ে শিক্ষকসকলে নিজৰ বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু বিদ্যালয় খনক ভাল পাবলৈ শিকিব লাগিব। সভাত ভাষণ দি বিদ্যালয় খনৰ অধ্যক্ষ তথা শৈক্ষিক সঞ্চালক পৰেশ বৈশ্য ই কয় যে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ দশা শ্ৰেণী কোঠাত থাকে। শ্ৰেণী কোঠাতেই নিৰ্মাণ হয় শিক্ষাৰ্থীৰ ভৱিষ্যত। সভাৰ আৰম্ভণিতে বিদ্যালয় পৰিচালনা সমিতি হৈ মোস্তাফিজুৰ ৰহমানে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে। অনুষ্ঠানত বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। অনুষ্ঠানত শিক্ষাৰ্থীসকলক খেল ধেমালি প্ৰতিযোগিতাৰ বঁটা প্ৰদান কৰা হয়। সভাত ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক সকলো উপস্থিত থাকে। বাৰ্ষিক দিৱস উপলক্ষে আয়োজিত বিজ্ঞান আৰু কলা বিষয়ৰ প্ৰদৰ্শনীখন মুকলি কৰে ড. দয়ানন্দ পাঠকে।

Share
Categories: News

1 Comment

Rrabin pathak · 18 December 2021 at 8:13 PM

NEP-20 নিশ্চয় আমাৰ সকলোৰে বাবে এটা প্ৰত্যাহ্বান । কিন্তু এই প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ আমাৰ সকলোৰে সাজু হ’বৰ হ’ল। ইয়াৰ সফলতাৰ মূখ্য ভূমিকা হ’ব শিক্ষকৰ। আনহাতে বুনিয়াদী শিক্ষাৰ সফলতাই অন্যতম মূল ভেটি হ’ব NEPৰ।

Comments are closed.