প্ৰতিভা আৰু সৃষ্টিশীলতা ব্যক্তিৰ অভ্যন্তৰীণ সৌন্দৰ্যৰ প্ৰতীক : ড.দয়ানন্দ পাঠক

সকলো মানৱীয় আবেদন গাঁৱতে সংপৃক্ত হৈ থাকে : ড.অৱনী কুমাৰ ভাগৱতী

বহু ক্ষেত্ৰত সংগীতে নিজৰ বৈশিষ্ট্য হেৰুৱাই কোলাহলত পৰিণত হৈছে : ড. দীনেশ বৈশ্য

প্ৰতিভা আৰু সৃষ্টিশীলতাৰ এক গুৰুত্ব আছে। ইয়াৰ মাজদি ফুটি উঠে ব্যক্তিৰ দক্ষতা। প্ৰকৃতাৰ্থত ক’বলৈ গলে প্ৰতিভা আৰু সৃষ্টিশীলতা ব্যক্তিৰ অভ্যন্তৰীণ সৌন্দৰ্যৰ প্ৰতীক। ৩১ জানুৱাৰীত হীল ভিউ হলী হোম এণ্ড ৰিজৰ্টত আয়োজিত এক বৌদ্ধিক আড্ডাত অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ তথা চিন্তাবিদ ড. দয়ানন্দ পাঠকে এইদৰে কয়। তেওঁ আৰু কয় যে সমাজৰ পৰিবৰ্তনত শিক্ষকসকলে চৌম্বিক শক্তিৰ দৰে কাম কৰিব পাৰে। শিক্ষকসকলে নিজৰ উদ্ভাৱনী শক্তিৰ জৰিয়তে ছাত্ৰ সকলকো সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহী কৰিব পাৰে। তেওঁ আৰু কয় যে কোনো শিক্ষকেই ছাত্ৰক প্ৰতিভাধৰ নহয় বুলি ভবা উচিত নহয়। কিছুমান ক্ষেত্ৰত এজন শিক্ষকৰ বাবে ছাত্ৰও শিক্ষক হ’ব পাৰে। আড্ডাত ভাগ লৈ বৰেণ্য শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড. অৱনী কুমাৰ ভাগৱতীয়ে কয় যে অসমৰ গাৱতহে জীৱনবোধৰ সোৱাদ আছে। গাওঁ বোৰ তাহানিৰ পৰাই প্ৰাকৃতিক ভাৱে সুৰক্ষিত হৈ আছে। তেওঁ আৰু কয় যে সকলো মানৱীয় আবেদন গাঁৱতে সংপৃক্ত হৈ থাকে। সমাজ জীৱনৰ প্ৰতিটো খণ্ডৰ আকাৰ গাঁৱতেই নিৰ্মাণ হয়। আড্ডাত ভাগ লৈ আন এগৰাকী বিশিষ্ট শিক্ষাবিদ ড. দীনেশ বৈশ্য ই কয় যে সমাজত বেয়া কাম বাঢ়ি আছে। তাক ৰোধ কৰিব নোৱৰাৰ অন্যতম কাৰণ হ’ল সমাজো ইয়াৰ বাবে বহু পৰিমাণে দায়ী।ইয়াক বিক্ষিপ্ত কৈ চালে ভুল হ’ব। তেওঁ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত দেখা দিয়া অসুয়াৰ কথা উল্লেখ কৰি কয় যে এতিয়া সংগীতৰ ক্ষেত্ৰলৈও সংকট আহিছে। বহু ক্ষেত্ৰত সংগীতে নিজৰ বৈশিষ্ট্য হেৰুৱাই কোলাহলত পৰিণত হৈছে। আড্ডাত ভাগ লৈ অৱসৰী অধ্যাপক খগেন্দ্ৰ নাথ তালুকদাৰে অসমীয়া ভাষাৰ প্ৰাণ আৰু মাদকতাৰ বিষয়ে কয়।আমাৰ গাৱত প্ৰচলিত নিভাজ অসমীয়া শব্দবোৰ নতুন প্ৰজন্ম ই নিজৰ সাহিত্য কৰ্মত কিদৰে প্ৰয়োগ কৰিব পাৰে সেই বিষয়ে মত ব্যক্ত কৰে। আজিৰ এই শৈক্ষিক আড্ডাতেই কাৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা কামৰূপৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াৰ “শৈক্ষিক প্ৰয়াসৰ দস্তাবেজ” নামৰ এখনি মূল্যবান গ্ৰন্থ উন্মোচন কৰা হয়।শিক্ষা বিষয়া হিচাপে অপূৰ্ব ঠাকুৰীয়াই বিগত তিনি বছৰত কামৰূপ জিলাৰ শিক্ষা ক্ষেত্ৰ খনত ৰূপায়ণ কৰা কেবাটাও শ্ৰেষ্ঠ শৈক্ষিক অনুশীলনৰ ৰূপৰেখা অংকন কৰি এই গ্ৰন্থখন প্ৰণয়ন কৰে। লেখকে বিদ্বৎ সমাজত নিজে গ্ৰন্থ খন উন্মোচন কৰি তেওঁ পিতৃ দীনবন্ধু ঠাকুৰীয়াৰ হাতত আবেগিকভাৱে অৰ্পন কৰে। গ্ৰন্থ উন্মোচনী সভাত ভাষণ দি অসম ৰাজ্যিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ড. উচ্চাৰণ ডেকাই কয় যে অপূৰ্ব ঠাকুৰীয়া অসমৰ এগৰাকী সৎ আৰু নিষ্ঠাবান বিষয়া। তেওঁৰ সৃষ্টিশীল মনৰ পৰিচয় গ্ৰন্থ খনত উদ্ভাসিত হৈছে। তেওঁ অপূৰ্ব ঠাকুৰীয়াৰ শ্ৰেষ্ঠ শৈক্ষিক অনুশীলন সমূহে অসমৰ আন শিক্ষা বিষয়া সকলকো অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ আৰু কয় যে শিক্ষা, স্বাস্থ্য, শক্তি আৰু যাতায়াত ব্যৱস্থাৰ উত্তৰণৰ ওপৰতেই ৰাজ্য এখনৰ উত্তৰণ নিৰ্ভৰ কৰে। সভাত ভাষণ দি ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া থানেশ্বৰ মালাকাৰে কয় যে আমি বেয়া অনুশীলন সমূহৰ পৰিবৰ্তে সমাজৰ ভাল অনুশীলন সমূহে গ্ৰহণ কৰা উচিত। তেওঁ আৰু কয় যে এতিয়া সমাজত স্বাৰ্থপৰ মানুহ বেছি হৈছে। এনে এক যুগসন্ধিত প্ৰকৃতিয়ে আমাৰ দুখ বেদনাৰ উপশম ঘটাব পাৰে। তেওঁ আৰু কয় যে দানৰ প্ৰতিদান বিচৰা উচিত নহয়,ইয়ে বহুতৰ মনত দুখ দিয়ে। অনুষ্ঠানৰ আৰম্ভণিতে কামৰূপৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া মঞ্জু ৰাণী ডেকাই এটি আৰম্ভণি গীত পৰিবেশন কৰি শ্ৰোতাৰ মন মুগ্ধ কৰে। বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য ই আঁত ধৰা এই বৌদ্ধিক আড্ডাত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড.প্ৰণৱ শ ইকীয়াৰ, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ উপ সচিব ৰঞ্জন দাস, কামৰূপৰ জিলা আচনি বিষয়া ফুলপাহি নাথ, কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি মধুসূদন মেধি, বেংক বিষয়া ৰবীন পাঠক, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক দীপাংকৰ মালাকাৰ প্ৰমুখ্যে ভালেমান শিক্ষাসদী উপস্থিত থাকে। সভাত অপূৰ্ব ঠাকুৰীয়াৰ পৰিয়াল বৰ্গ উপস্থিত থাকি আড্ডাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাই সংগীত পৰিবেশন কৰি আড্ডা জীপাল কৰে। অনুষ্ঠানত কণ্ঠশিল্পী প্ৰাৰ্থনা বৰঠাকুৰো উপস্থিত থাকে।

Share