নিজৰ মাতৃভাষা আৰু সংস্কৃতিক সন্মান নকৰাটো পাপ

adda at dhamdhama

নিজৰ মাতৃভাষা, মাতৃভূমি আৰু মাতৃভূমিৰ সংস্কৃতিক সন্মান নকৰাটো পাপ। এইকথা ঋগ্বেদত উল্লেখ আছে। আনকি ভগবানেও ভক্তই তেওঁক মাতৃভাষাত প্ৰাৰ্থনা কৰাটো বিচাৰে। ভগবানে মানুহৰ নিজৰ মাতৃভাষাৰেই তেওঁৰ মাহাত্ম্য প্ৰকাশ কৰাটো বিচাৰে। কিন্তু আজি আমাৰ জাতীয় জীৱনৰ বহু ক্ষেত্ৰত মাতৃভাষা এলাগী হৈ পৰিছে। এয়া অসমীয়া জাতিৰ বাবে অশনি সংকেত।আজি ধমধমাত সাহিত্য- সংস্কৃতি মূলক সামাজিক অনুষ্ঠান ‘দৰদ’ৰ উদ্যোগত আৰু শিক্ষা আৰু সামাজিক পৰিবৰ্তনৰ হকে গঠিত ন্যাস পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ সহযোগত ধমধমাৰ দৰদৰ বাকৰিত অনুষ্ঠিত “বহাগৰ বাট চ’ৰাত জীৱনৰ আলাপ”শীৰ্ষক এক আড্ডাত ভাগ লৈ বিশিষ্ট শিক্ষাবিদ তথা লেখক-সাংবাদিক পৰেশ বৈশ্য ই এইদৰে কয়। জীৱন জগত সম্পৰ্কে বক্তব্য দাঙি ধৰি তেওঁ আৰু কয় যে আমি কোনোৱে আমাৰ অতীত সলনি কৰিব নোৱাৰো, কিন্তু ভৱিষ্যতক প্ৰভাবিত কৰিব পাৰো।জীৱনত স্থায়ী বুলি আচলতে একো নাই,কেৱল আছে পৰিবৰ্তন। ইচ্ছা শক্তিৰ বলত আমি সমাজক নতুন ৰূপত চাব পাৰো। তেওঁ আৰু কয় যে আপোনাক আন মানুহে কেনেদৰে ভাবে,তাক বাধা দিব নোৱাৰে, সেয়ে নিজকে সুখী বুলি ভাবি জীৱন অতিবাহিত কৰা উচিত। ত্যাগৰ জৰিয়তে ভোগ কৰাজনেহে জীৱনত সুখী অনুভৱ কৰিব পাৰে।য’ত ত্যাগ নাই তাতেই লোভ থাকে।লোভে জীৱনলৈ দুখ আৰু অসূয়া মাতে।লোভ, অসহিষ্ণুতা আৰু হিংস্ৰতাৰ বাবেই আজি সমাজলৈ অৱক্ষয় আহিছে।জেল,জৰিমনায়ো সমাজ শৃংখলিত কৰিব পৰা নাই। মানৱতাৰ অভাৱে এই অৱক্ষয়ত অধিক ইন্ধন যোগাইছে। নৈতিকতা আৰু আধ্যাত্মিকতাৰ কাৰাগাৰত মানুহে নিজে বন্দী নোহোৱালৈকে সমাজৰ অৱক্ষয় নকমে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ আৰু কয় যে জীৱনটো এটা অনন্ত বাসনা,ই কেতিয়াও পূৰ্ণ নহয়। সমস্যা আমাৰ জীৱনৰ লগৰী।ভগবানে এনে সমস্যা দিয়া নাই যাৰ সমাধান নাই। সকলো সমস্যাৰেই সমাধান আছে ,কেৱল আমি উদ্ঘাটন কৰিব পাৰিব লাগিব।সময়ৰ সদ্ব্যৱহাৰ কৰি সকলোৰে ভালটোৰ বাবে সাধনাতেই জীৱনৰ মধুৰতা লুকাই থাকে। আলাপত ভাগ লৈ কৃতী শিক্ষক অৰুণ দাসে কয় যে জীৱনত আনন্দ উপলব্ধি কৰাৰ বাবে লোকৰ দুখত সমভাগী হোৱাৰ লগতে মানৱীয় আবেদনৰ দ্বাৰা সকলোকে সংপৃক্ত কৰিব পাৰিব লাগিব।আলাপত ভাগ লৈ অৱসৰপ্ৰাপ্ত বেংক বিষয়া ৰবীন পাঠকে মানুহৰ জীৱনৰ অভিজ্ঞতাৰ বিচিত্ৰতাই সমাজ জীৱনত ল’ব পৰা ইতিবাচক ভূমিকাৰ কথা উল্লেখ কৰে। অনুষ্ঠানটোৰ সঞ্চালক হিচাপে ভাষণ দি ধমধমা অঞ্চলৰ শিক্ষা জগতৰ মহীৰূহ গদাধৰ গোস্বামীয়ে সমাজ পৰিবৰ্তনত শিক্ষাই ল’ব পৰা যাদুকৰী শক্তিৰ বিষয়ে আলোকপাত কৰে।সভাত কৃতী শিক্ষক মানৱ কুমাৰ ৰামচিয়াৰী, অৱসৰপ্ৰাপ্ত অধ্যক্ষা দিপালী দেৱী, ৰেণু হাজৰিকা, কুমুদ গোস্বামী,সাধন আচাৰ্য,অনন্ত মোহন দাস, জ্যোতি দত্ত ৰামচিয়াৰী, নগেন কলিতা, হেমেন কলিতা নৃপেন হাজৰিকা ৰবীন শৰণীয়া,কুলদীপ গৌতম শৰ্মা প্ৰমুখ্যে ভালেসংখ্যক সমাজ সচেতন ব্যক্তয়ে ভাগ লৈ আলাপ অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানৰ সামৰণিত শলাগৰ শৰাই আগবঢ়ায় হেমেন কলিতাই।

Share