ৰূপম বৰুৱা

ভাৰতবৰ্ষত বিদেশী বৃটিছ শাসনৰ বিৰুদ্ধে ১৮৫৭ চনত যি মহাবিদ্ৰোহৰ সূচনা হৈছিল , তাক যে দেশৰ ‘প্ৰথম স্বাধীনতা সংগ্ৰাম’ বুলি কোৱা কোৱা হয় সেই কথা এতিয়া আমি সকলোৱে জানো ৷ কিন্তু ঘাইকৈ সাম্ৰাজ্যবাদী কিছু বৃটিছ ইতিহাসবিদ , লেখক , বুদ্ধিজীৱী আদিয়ে এই ঘটনাৰ গুৰুত্ব হ্ৰাস কৰাৰ উদ্দেশ্যে ইয়াক কেৱল ‘চিপাহী বিদ্ৰোহ’ আখ্যা দি ই যে চৰকাৰৰ বিৰুদ্ধে মাথোঁ কিছু দেশীয় চিপাহীৰ অসন্তুষ্টি বা বিদ্ৰোহৰ বাহিৰে আন একো নাছিল , সেই কথাহে প্ৰচাৰ কৰিবলৈ বিচাৰিছিল ৷ অৱশ্যে সেই সময়তো ভালেমান বৃটিছ তথা ইউৰোপীয় লেখক-বুদ্ধিজীৱীয়ে নিৰপেক্ষ দৃষ্টিকোণৰ পৰা বিচাৰ কৰি ১৮৫৭ চনৰ এই উত্থানক জাতীয় বিদ্ৰোহ বা সংগ্ৰামৰূপেই আখ্যা দিছিল ৷ তেওঁলোকেও স্বীকাৰ কৰিছিল যে এয়া কেৱল ‘এমুঠি চিপাহীৰ অসন্তোষ প্ৰকাশৰ ঘটনা’ নাছিল – কাৰণ প্ৰায় সমগ্ৰ দেশজুৰি ঘটিছিল এই ঘটনা , য’ত চিপাহীসকলৰ লগতে ৰজা-প্ৰজা , ধনী-দুখীয়া , আমোলা-মহৰী , হালোৱা-বনুৱা সকলোৱে বিদেশী বৃটিছক খেদি স্বাধীন হ’ব বিচাৰিছিল ৷ বিশ্ববিখ্যাত চিন্তাবিদ কাৰ্ল মাৰ্ক্সে সেই সময়তে এলানি প্ৰৱন্ধ লিখিছিল এই বুলি যে বৃটিছ সাম্ৰাজ্যবাদী শোষণৰ বিৰুদ্ধে সেয়া আছিল ভাৰতীয় ৰাইজৰ জাতীয় বিদ্ৰোহ বা সংগ্ৰাম ৷ ভাৰতীয়সকলৰ ভিতৰত ইয়াক ‘প্ৰথম স্বাধীনতা সংগ্ৰাম’ আখ্যা দি কুৰি শতিকাৰ আৰম্ভণিছোৱাতে গ্ৰন্থ ৰচনা কৰিছিল বিপ্লৱী দেশপ্ৰেমিক বীৰ ছাভাৰকাৰে ৷ গতিকে , বৃটিছ চৰকাৰী মহলে ইয়াক ‘চিপাহী বিদ্ৰোহ’ বুলি ক’লেও ১৯৪৭ চনলৈকে আমাৰ দেশৰ স্বাধীনতা-সংগ্ৰামীসকলে ১৮৫৭ৰ সেই মহাবিদ্ৰোহক দেশৰ ‘প্ৰথম স্বাধীনতা সংগ্ৰাম’ৰূপেই সন্মান জনাই আহিছিল ৷ আজি পিছে সমগ্ৰ বিশ্বতে ১৮৫৭ ৰ মহাবিদ্ৰোহে স্বীকৃতি লাভ কৰিছে ‘ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম’ৰূপে ৷
১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভৰ পূৰ্বে প্ৰায় দুশ বছৰ ধৰি ভাৰতবৰ্ষক পৰাধীন কৰি ৰখা বিদেশী বৃটিছ শক্তিৰ বিৰুদ্ধে ভাৰতীয় ৰাইজে স্বাধীনতাৰ যুঁজ দিবলগীয়া হৈছিল ৷ ১৭৫৭ চনৰ পলাছীৰ যুদ্ধৰ পাছত ভাৰতত বৃটিছ শক্তিয়ে খোপনি পুতি লৈছিল ৷ তেতিয়াৰ পৰা প্ৰায় এশ বছৰ ধৰি ভাৰতত সামগ্ৰিকভাৱে নহ’লেও ছেগা-চোৰোকাকৈ বা অঞ্চলভেদে বৃটিছ বিৰোধী সৰু-সৰু সংগ্ৰামৰ আৰম্ভণি হৈছিল ৷ যেনে বৰ অসমত টিৰট সিং , গোমধৰ কোঁৱৰ , হৰনাথ গোঁহাই , পিয়লি ফুকন ; বংগত মীৰ কাছিম , ভবানী পাঠক , সন্ন্যাসী বিদ্ৰোহ ; দাক্ষিণাত্যত ভেলু থাম্পি , ৰাণী চেন্নাম্মা ; আদিবাসী অঞ্চলত চিধু-কানহু ; মহীশুৰত হাইদৰ আলী , টিপু চুলতান আদিৰ বৃটিছবিৰোধী ৰণসমূহে লাহে-লাহে ভাৰতৰ ইমূৰৰ পৰা সিমূৰজুৰি মানুহৰ মাজত এক ঐক্যবদ্ধ স্বাধীনতা সংগ্ৰামৰ বাতাৱৰণৰ সূচনা কৰিছিল ৷ এনে সামগ্ৰিক প্ৰচেষ্টাৰ পূৰ্ণ প্ৰকাশ ঘটে ১৮৫৭ চনত ৷ এই সময়ত মহাৰাষ্ট্ৰৰ নানা চাহেব , তান্তিয়া টোপি ; ঝান্সীৰ ৰাণী লক্ষ্মীবাই ; দিল্লীৰ সম্ৰাট বাহাদুৰ শ্বাহ , ৰাণী জিন্নাৎ মহল , আজিমুল্লা খান ; উত্তৰ প্ৰদেশৰ মংগল পাণ্ডে ; বিহাৰৰ কানোৱাৰ সিং , অমৰ সিং ; বংগৰ মধু মল্লিক ; অসমৰ স্বৰ্গদেৱ কন্দৰ্পেশ্বৰ সিংহ , মণিৰাম দেৱান , পিয়ালি বৰুৱা , দুতিৰাম চিৰস্তাদাৰ , বাহাদুৰ গাওঁবুঢ়া আদি সকলোৱে একপ্ৰকাৰ ঐক্যবদ্ধ হৈ উমৈহতীয়া স্বাধীনতাৰ বাবেই সংগ্ৰামত অৱতীৰ্ণ হৈছিল ৷ সেইবাবেই ১৮৫৭ৰ মহা বিদ্ৰোহক ‘ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম’’ আখ্যা দিয়া হৈছিল ৷
এতিয়া অসমৰ কথালৈ আহোঁ ৷ অসমত ১৮৫৭ৰ সময়ছোৱাত বৃটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহাত্মক পৰিস্থিতিৰ মূল নায়ক আছিল মণিৰাম দেৱান ৷ সমগ্ৰ উত্তৰ ভাৰত জুৰি মহাবিদ্ৰোহৰ জুই জ্বলি উঠাৰ লগে-লগে অসমত আহোম ৰজাৰ শাসন পুনৰ প্ৰৱৰ্তনৰ আঁচনি প্ৰস্তুত কৰি সাহসী আৰু বুদ্ধিমান বিষয়া মণিৰাম দেৱানে ভাৰতৰ এই পূৱ অংশতো স্বাধীনতাৰ জুই জ্বলাবলৈ নেতৃত্ব লৈছিল ৷ মণিৰাম দেৱানৰ পূৰ্বেও গোমধৰ কোঁৱৰ , পিয়লি বৰফুকন , গদাধৰ গোহাঁই আদিয়ে বৃটিছৰ হাতৰ পৰা অসমৰ লুপ্ত স্বাধীনতা উদ্ধাৰৰ চেষ্টাত সংগ্ৰাম চলাইছিল যদিও ১৮৫৭ চনত মণিৰাম দেৱানৰ নেতৃত্বত হোৱা বিদ্ৰোহে প্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় চৰিত্ৰ এটা গ্ৰহণ কৰিছিল ৷ পোনপ্ৰথমবাৰৰ বাবে সেইবাৰেই ভাৰতৰ ইমূৰ-সিমূৰ জুৰি ৰাইজ ঐক্যবদ্ধ হৈছিল বৃটিছ শাসনৰ বিৰুদ্ধে ৷ সেয়েহে ইয়াক ‘ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম’ ৰূপে বিচাৰ কৰা হৈছিল ৷ যিহওক , পুনৰ মণিৰাম দেৱানৰ প্ৰসংগলৈ আহো ৷ মণিৰাম দেৱান সেইসময়ত ক’লকাতালৈ গৈছিল আহোম স্বৰ্গদেউ কন্দৰ্পেশ্বৰ সিংহক পুনৰ ৰজা পতাৰ বিষয়টোলৈ বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে চূড়ান্তভাৱে কথা পাতিবলৈ ৷ তেওঁ তাত লগ পালে মধু মল্লিক নামৰ এজন বিদ্ৰোহী নেতাক ৷ মধু মল্লিকৰ পৰা তেওঁ জানিলে সমগ্ৰ ভাৰত জুৰি আৰম্ভ হোৱা বৃটিছবিৰোধী সংগ্ৰামৰ সকলো কথা ৷ মধু মল্লিকৰ লগত নানা আলোচনা-বিলোচনা কৰি অসমতো বৃটিছবিৰোধী সংগ্ৰামৰ আচঁনি প্ৰস্তুত কৰিলে তেওঁ ৷ মণিৰাম দেৱানৰ পৰামৰ্শমতেই অসমত স্বৰ্গদেউ কন্দৰ্পেশ্বৰ সিংহ আৰু পিয়ালি বৰুৱাৰ নেতৃত্বত স্বাধীনচিতীয়া ডা-ডাঙৰীয়া তথা সৰ্বসাধাৰণ ৰাইজৰ বহুতেই একগোট হৈ বৃটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ বাবে সাজু হ’ল ৷ মণিৰামে ক’লকাতাৰ পৰা কন্দৰ্পেশ্বৰ সিংহ আৰু পিয়ালি বৰুৱালৈ গোপনে চিঠি দি বিদ্ৰোহৰ সকলো খবৰ-পাতি পঠিয়াইছিল ৷ মায়াৰাম নাজিৰ , নীলকান্ত চোলাধৰা ফুকন , দুতিৰাম বৰুৱা , মৰঙীখোৱা গোহাঁই , বাহাদুৰ গাঁওবুঢ়া , ফৰ্মুদ আলী , ত্ৰিনয়ন , কমলা বৰুৱা আদি বিশিষ্ট ব্যক্তিয়েও এই বিদ্ৰোহৰ আঁচনিত সক্ৰিয় ভূমিকা লৈছিল ৷ ছাহাবাদত থকা কিছু বিহাৰী চিপাহীয়েও এই প্ৰচেষ্টাত যোগ দিয়াৰ বাবে সাজু হৈ আছিল ৷ আঁচনিমতে ঠিক হৈছিল , চিপাহীসকলে কন্দৰ্পেশ্বৰ সিংহৰ নেতৃত্বত বিদ্ৰোহ ঘোষণা কৰিব আৰু উপযুক্ত সময়তে মণিৰামেও ক’লকাতাৰ পৰা অস্ত্ৰ-পাতি আনি বিদ্ৰোহত জঁপিয়াই পৰিব ৷ কিন্তু দুৰ্ভাগ্যক্ৰমে এই আঁচনি ব্যৰ্থ হ’ল ৷ সামান্য ভুলৰ বাবে মণিৰামে স্বৰ্গদেউলৈ লিখা চিঠি কেইখনমান শিৱসাগৰৰ জিলা বিষয়া কেপ্টেইন চাৰ্লছ হলৰয়ডৰ হাতত পৰিল আৰু বৃটিছে এটা ব্যাপক বিদ্ৰোহৰ আঁচনিৰ আভাস পাই অতি সোনকালেই বিদ্ৰোহীসকলৰ বহুতকে গ্ৰেপ্তাৰ কৰিলে ৷ মণিৰাম দেৱানক ক’লকাতাতে বন্দী কৰা হ’ল ৷ বৃটিছে কন্দৰ্পেশ্বৰ সিংহকো বন্দী কৰি থলে ৷ বহু দেশপ্ৰেমিকক নিৰ্বাসন দণ্ড দিয়া হ’ল ৷ ৰাজদ্ৰোহৰ অপৰাধত অভিযুক্ত কৰি মণিৰাম দেৱান আৰু পিয়ালি বৰুৱাক মৃত্যুদণ্ডৰ হুকুম দিয়া হ’ল ৷ ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীৰ দিনা জন্মভূমিৰ স্বাধীনতাৰ বাবে যোৰহাটৰ ফাঁচীশালত প্ৰাণ আহুতি দি ছহিদ হৈছিল মণিৰাম দেৱান আৰু পিয়ালি বৰুৱা ৷
এইদৰেই ভাৰতত বৃটিছবিৰোধী প্ৰথম ঐক্যবদ্ধ সংগ্ৰামত অসমো জড়িত হৈ পৰিছিল ৷ পাছত কুৰি শতিকাত আধুনিক ৰূপত যি স্বাধীনতা সংগ্ৰামৰ আৰম্ভণি হৈছিল , তাত স্বাভাৱিকভাৱেই অসম আগবাঢ়ি গৈছিল দেশৰ অন্যান্য প্ৰান্তৰ লগত খোজ মিলাই ৷ কিন্তু সেয়া অন্য এক অধ্যায় ৷
লেখক এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা শিশু আলোচনী “সঁফুৰা”ৰ সম্পাদক।
2 Comments
Kiran Das · 14 August 2021 at 8:39 AM
স্বাধীনতা সংগ্ৰামৰ প্ৰেক্ষাপতত অসমৰ ভুমিকা খ্নিিৰ হুবহু কথাখিনি জানি খুউব ভাল লাগিল। ঐতিহাসিক দিনবোৰ আমাৰ মাজত সদায় সজীৱ হৈ থাকিব ।
Tarani deka · 15 August 2021 at 4:21 PM
কিছু নতুন তথ্য জানিব পালোঁ | যাৰ বাবে লিখক ও উইনডো টিভি ক ধন্যবাদ জনালোঁ |
Comments are closed.