তীৰ্থমণি ডেকা
শংকৰদেৱ আৰু মাধৱদেৱ গুৰুদুজনাৰ পৰিপ্ৰেক্ষিতত ভাদমাহক পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয়। যদিওবা ছপা মাধ্যম, ইলেকট্ৰনিক মাধ্যম, সামাজিক মাধ্যমৰ যোগেদি ভাদ মাহক পবিত্ৰ মাহৰূপে প্ৰচাৰ আৰু প্ৰতিস্থাপন কৰাৰ প্ৰৱণতা দেখা যায় তথাপিও এইটো স্বীকাৰ্য যে এই ভাদমাহৰ প্ৰভাৱ বৃহত্তৰ অসমীয়া সমাজ ব্যৱস্থাত সৰ্বাত্মক নহয়। ১০০ দিন উকলি যোৱা ৰাজ্য চৰকাৰে বিগত সময়চোৱাত বিভিন্ন পৰিকল্পনা, পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। আজি কেইদিনমান আগতে মাননীয় মূখ্যমন্ত্ৰী ড: হিমন্তবিশ্ব শৰ্মাদেৱে কেবিনেটত এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰে পৰা গুৰুদুজনাৰ তিথিবোৰত চৰকাৰী বন্ধ পালন কৰা নহয় তাৰ পৰিৱৰ্তে চৰকাৰী কাৰ্যালয়বোৰত এই দিৱসবোৰ উদযাপন কৰা হব। যিটো কাম অসমীয়া সকলে স্বাধীনতা লাভৰ পৰাই কৰিব লাগিছিল সেই কামটো স্বাধীনতাৰ ৭৫ বছৰ পিছত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব লগা হ’ল। পৰম্পৰাগত ভাৱে চৰকাৰী কৰ্মচাৰীসকলে গুৰুত্বপূৰ্ণ দিনবোৰ বন্ধৰ দিন কটাইছিল । এতিয়া চৰকাৰৰ এই আদেশ কিমানদূৰ সফল হয় সেয়া আগন্তুক দিনবোৰত দেখা পোৱা যাব। অসমৰ শ্ৰেষ্ঠতম পুৰুষ শংকৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱৰ কৰ্মৰাজিৰ বিষয়ে গোটেই বিশ্বই জনাটো দূৰৰে কথা আমাৰ দেশৰ অন্য ৰাজ্য কেইখনৰ সাধাৰণ মানুহৰ মাজত অলপো ধ্যান-ধাৰণা নাই। স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো গুৰুদুজনাৰ কৰ্মৰাজি তথা প্ৰাসংগিকতাক বিশ্ব দৰবাৰলৈ নিব নোৱাৰাটো অসমীয়া সকলৰ এক বৃহৎ বিফলতা। অপ্ৰিয় হলেও এয়া স্বীকাৰ কৰিব লাগিব যে গুৰুদুজনাৰ সমগ্ৰ কথাবোৰ ৰাজ্যৰ বিশেষ সমাজৰ মাজত আৱদ্ধ। বিভিন্ন আদৰ্শগত কাৰণত গুৰু দুজনাৰ সাৰ্বজনীন গ্ৰহণযোগ্যতাৰ ক্ষেত্ৰত যেন কিছু বাধাৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত আমাৰ চিৰ নমস্য গুৰুসকলৰ অনুগামীসকলে নকৈ চিন্তা কৰাৰ সময় সমাগত। অন্যথাই গুৰু দুজনাৰ গ্ৰহণযোগ্যতা আমাৰ ৰাজ্যতে এক ডাঙৰ প্ৰত্যাহ্বান হ’ব। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৃষ্টিশীলতাতকৈ শংকৰদেৱ, মাধৱদেৱৰ কৰ্মৰাজিৰ মাহত্ব বহু গুণে ওপৰত( আজিৰ পৰা ৬০০-৭০০ বছৰৰ আগতে) কিন্তু পশ্চিম বংগৰ জাতীয় ঐক্যৰ ধনাত্মক প্ৰভাৱে ৰবীন্দ্ৰনাথ ঠাকুৰক বিশ্বদৰবাৰলৈ লৈ গৈ মহীয়ান কৰিছ অথচ আমাৰ অসমীয়া সকলৰ জাতীয় ঐক্যৰ অভাৱ তথা উপযুক্ত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণে আমি গুৰুদুজনাক ভাৰতৰ অন্য ৰাজ্যৰ লগতে বেলেগ দেশৰ মানুহৰ আগত চিনাকি কৰাই দিব পৰা নাই। আজি অসমীয়া সমাজখনত এক নতুন পৰম্পৰা আৰম্ভ হৈছে। মৃত ব্যক্তি বিশেষৰ ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা। নিজৰ মাক-দেউতাকৰ মৃত্যু তিথি মনত নথকা ব্যক্তি সকলে যেতিয়া এই অনুষ্ঠানত সক্ৰিয় অংশগ্ৰহণ কৰে তেতিয়া এই শ্ৰদ্ধাঞ্জলিৰ কিমান সফলতা আমি আশা কৰিব পাৰোঁ। সেয়েহে ৰাজ্য চৰকাৰৰ লগতে বৃহত্তৰ অসমীয়া জাতিটোৱে জাতীয় চেতনা জাগ্ৰত কৰি আগবাঢ়ি গলে অসমৰ কৃতিচিহ্নসমূহক বিশ্বৰ আগত চিনাকি কৰাই দিব পৰা যাব। বৰ্তমান সময়ত গুৰু দুজনাৰ প্ৰাসংগিকতা অপৰিসীম। এই কথা অনুধাৱন কৰি ৰাজ্য চৰকাৰে এক উপযুক্ত কাৰ্যকৰী পৰিকল্পনা হাতত লৈ অসমৰ সকলো জাতি-ধৰ্ম-ভাষাৰ লোকসকল গুৰুদুজনাৰ মহত্ত্বৰে একত্ৰিত কৰিব লাগিব। এইখিনি কৰিব পাৰিলেহে গুৰুদুজনাৰ কৰ্মৰাজি আমি অসমৰ চাৰিসীমাৰ বাহিৰলৈ উলিয়াই নিব পাৰিম।
2 Comments
Kiran Das · 27 August 2021 at 8:03 PM
মহান গুৰুদুজনাৰ তিথি বন্ধৰ সলনি চৰকাৰে উদযাপন কৰিব দিয়াৰ কথাটো সচাই আদৰণীয়। গুৰুদুজনাৰ নাম বিশ্বত প্ৰচাৰ কৰাৰ বিশেষভাৱে পদক্ষেপ লব লাগে ।এই ক্ষেত্ৰত আমাৰো গধুৰ দায়িত্ব আছে ।
Rabin Pathak · 27 August 2021 at 10:39 PM
গুৰু দুজনাৰ বিৰল আৰু বিশাল অৱদান অসমীয়া জাতিৰ প্ৰতি ৰন্ধ্ৰে ৰন্ধ্ৰে। পিচে আমি অসমীয়াসকলেহে তেৰাসকলক নিচিনিলো, নাজানিলো।
Comments are closed.