ড. অৱনী কুমাৰ ভাগৱতী
আমাৰ গাওঁবোৰৰ অৱস্থান , প্ৰসাৰ আৰু বিকাশ বিশেষভাৱে মন কৰিবলগীয়া । বসতিৰ বাবে স্থান নিৰ্বাচন কৰিছিল একো একোটা সৰু সৰু দলে । তেওঁলোকে লক্ষ্য ৰাখিছিল যাতে ঠাইখনত পানী নুঠে আৰু কেউকাষে খেতিবাতিৰ লগতে গৰু-ছাগলী পোহাৰ, খৰি-খেৰ যোগাৰ কৰাৰ সুবিধা থাকে । এনেকৈ জন্ম লাভ কৰা গাওঁবোৰে লাহে লাহে নানা দিশত বিকাশ লাভ কৰিবলৈ আৰম্ভ কৰে। শিক্ষা লাভো বিকাশৰ এটা অংগ হৈ পৰে।
লাহে লাহে গাওঁত শিক্ষাৰ পৰিৱেশ গঢ়ি উঠিবলৈ ধৰে। শিক্ষক আৰু শিক্ষাৰ্থীয়ে গাঁওৰ বিকাশত নিৰ্ণায়ক ভূমিকা পালন কৰিবলৈ লয়। গাঁওৰ বিকাশত এই স্তৰটো বৰ গুৰুত্বপূৰ্ণ ।
আমাৰ ইয়াত এটা সময় আছিল যেতিয়া গাওঁত কৃষক-শ্ৰমিকে উৎপাদন কৰে , শিক্ষক-ছাত্ৰই সমূহীয়াকৈ গাওঁ চলোৱাত আগভাগ লয় । উন্নয়নৰ পৰিকল্পনা আৰু কাৰ্য্যব্যৱস্থা সকলোৱে আলোচনাৰ মাজেৰেই কৰে । তেতিয়া শিক্ষকৰ নেতৃত্বতে গাঁও আৰু চুবুৰীবোৰ চলিছিল । তেওঁলোক কেৱল স্কুলৰ শিক্ষক নাছিল, সমাজৰো শিক্ষক আছিল । সমাজত সৰ্বোত্তম স্থান আছিল শিক্ষকৰ । এক গভীৰ দায়িত্ববোধে শিক্ষকক পৰিচালনা কৰিছিল। শিক্ষকে গ্ৰাম্যসমাজক দৃষ্টি দিছিল, মানুহৰ মনত সৃষ্টিৰ বীজ সিচিছিল । মানুহক ভৱিষ্যতৰ বাট দেখুৱাইছিল ।
শিক্ষক দিৱসৰ আজিৰ এই সময়ত আমাৰ শৈশৱৰ গাওঁৰ সেইবোৰ কথা মনলৈ আহিছে । গাওঁত তথাকথিত ৰাজনীতি আৰু ৰাজনীতিকৰ কোনো ভূমিকা নাছিল । স্বয়ংচালিত গাওঁবোৰ সুখৰ ঠাই আছিল, শান্তিৰ ঠাই আছিল । অভাৱ-অনাতন আছিল যদিও উমৈহতীয়া চিন্তা আৰু কাৰ্যই সেইবোৰক গৌন কৰি তুলিছিল । গঞা ৰাইজক নেতৃত্ব দিয়া সেই শিক্ষকৰ প্ৰতিচ্ছৱি মনলৈ আহিলেই এতিয়াও মনটো আনন্দ আৰু আশাৰে ভৰি পৰে । সেই দিনবোৰ ঘূৰাই পাবলৈ মনে হাহাকাৰ কৰে ।
হে মোৰ শিক্ষক, ৰাইজৰ সেৱক, তোমাক সহস্ৰ প্ৰণাম ।
1 Comment
Dwijendra Narayan Sarma · 5 September 2021 at 10:37 PM
চুটি অথচ সুন্দৰ লেখা ।
Comments are closed.