তীৰ্থমণি ডেকা

যোৱা ৫ ছেপ্টেম্বৰ তাৰিখত অনুষ্ঠুপীয়াকৈ হলেও গোটেই ভাৰতবৰ্ষত শিক্ষক দিৱস উদযাপন কৰা হ’ল। ৰাষ্ট্ৰীয়, ৰাজ্যিক, জিলাভিত্তিত কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰাৰ উপৰিও বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বাছনিকৃত শিক্ষকসকলক সন্মানিত কৰা দেখা গ’ল। আন দেশৰ তুলনাত আমাৰ দেশৰ শিক্ষক সকলৰ ভাত্তা, সুবিধা তথা সন্মান কম বুলি অভিযোগ উত্থাপিত হয়। আন এটা অভিযোগ ভাৰতত শিক্ষক সকলক আজিকালি ৫ ছেপ্টেম্বৰ তাৰিখটোতহে সন্মান প্ৰদৰ্শন কৰা হয়। সি যি কি নহওক আজিকালি ভাল শিক্ষকৰ যথেষ্ট অভাৱ। আমি যদি কিছু পৰিমাণে পৰ্যালোচনা কৰো তেন্তে ভাল শিক্ষকৰ উত্তৰণৰ ক্ষেত্ৰত কিছুমান হেঙাৰ দেখা পোৱা যায়। প্ৰথমতে আমি বেছিভাগ শিক্ষকেই নিজে নিজৰ পৰিধি সৃষ্টি কৰি লওঁ। আমি যি জানো তাতেই সন্তুষ্ট হৈ থকা আৰু নতুন জ্ঞান আহৰণ কৰিবলৈ অনীহা প্ৰকাশ কৰাটো ভাল শিক্ষক হোৱাৰ প্ৰধান অন্তৰায় ৰূপে পৰিগণিত হৈছে। লগতে উপযুক্ত প্ৰযুক্তিৰ ব্যৱহাৰ কৰাটোকো বহু শিক্ষকে বোজা বুলি ভাবি লয়। ফলত বেছিভাগ শিক্ষকে শিক্ষকৰ চাকৰি কৰি আছে কিন্তু গুণগত শিক্ষকৰ মৰ্যাদা লাভ কৰাৰ পৰা শত যোজন দূৰত ৰৈ যায়। চৰকাৰে নিৰ্বাচন, লোকপিয়ল আদি এশ-একুৰি কামত শিক্ষক সকলক অতিৰিক্ত ভাৱে মকৰল কৰা দেখা যায়। যিয়ে শিক্ষাখণ্ডৰ অভাৱনীয় ক্ষতিসাধন কৰাৰ লগতে শিক্ষক সকলৰ শিকণৰ ক্ষেত্ৰত থকা দক্ষতা আৰু ইচ্ছাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। এই কামবোৰ চৰকাৰে অন্য বিভাগৰ কৰ্মচাৰী সকলৰ দ্বাৰা সমাধান কৰিব পাৰে। শিক্ষক সকল আজিকালি সামাজিক আৰু আইনগত ভাৱে সুৰক্ষিত নহয় যেন অনুভৱ হয়। বিভিন্ন ধৰণে সামাজিক আতিশয্যৰ বলি হবলগীয়া হয় শিক্ষক সকল। পদ উন্নতিকৰণৰ পৰা বদলিকৰণৰ দৰে বিভিন্ন মেৰপেচত পৰি বহুতো শিক্ষকে সততা হেৰুৱাই পেলায় ,যিয়ে তেখেতৰ শিক্ষকতা জীৱনত এক বিৰূপ প্ৰভাৱ পেলায় আৰু ভাল শিক্ষক হোৱাৰ অন্তৰায় হৈ পৰে। আকৌ বহু সময়ত দেখা যায় যে মুষ্টিমেয় বিদ্যালয় কিছুমানত উদ্যমী শিক্ষক সকলে সহকৰ্মী সকলৰ পৰা অযথা সমস্যাৰ সন্মুখীন হব লগা হয়। নিজ কৰ্মক্ষেত্ৰত পোৱা বাধা, উপলুঙা তথা এলাগী হব লগীয়া হোৱাৰ কাৰণেও বহু ক্ষেত্ৰত শিক্ষক এজনৰ গুণগত মান অধোগামী হোৱা দেখা যায়। আজিকালি আকৌ বহুতো শিক্ষকে শিক্ষকতা কৰ্মটো দ্বিতীয় পচন্দৰ কৰি প্ৰথম পচন্দত ৰাজনীতি, বিভিন্ন এজেণ্ট প্ৰভৃতি কামবোৰ লয়। এই মানসিকতাৰ শিক্ষকৰ পৰা ভাল শিক্ষকৰ আশা কৰিব পাৰি নেকি? বিগত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিদ্যালয়ৰ পৰা ছাত্র-ছাত্ৰী সকলক দিয়া নম্বৰৰ ক্ষেত্ৰত শিক্ষক সকলে অভিৱাকৰ পৰা পোৱা হেঁচা, বিদ্যালয় পৰিচালনা সমিতিৰ হস্তক্ষেপ, নিজৰ বিদ্যালয়খনক আন বিদ্যালয়তকৈ ভাল দেখুওৱাৰ প্ৰতিযোগিতাৰ কাৰণে সংঘটিত হোৱা ফলাফলে সাধাৰণ মানুহৰ চকু কপালত উঠিল। এইধৰণৰ কথাবোৰেও শিক্ষকৰ ভাৱমূৰ্ত্তি নষ্ট কৰে। বহুতে শিক্ষকৰে ধাৰণা তেওঁ নিজৰ ছাত্র-ছাত্ৰী সকলতকৈ বেছি জানে। এয়া ভুল । কাৰণ আজিকালি বহুতো ছাত্র-ছাত্ৰী শিকণৰ কাৰণে বিভিন্ন এপচ্ গুগলত উলিয়াই তথ্য সংগ্ৰহ কৰে। গতিকে আমি শিক্ষক সকলে ছাত্র-ছাত্ৰী সকলৰ পৰা নিয়ম মাফিক সন্মান পাম সঁচা, কিন্তু শ্ৰদ্ধা পাবলৈ ভাল শিক্ষকলৈ উন্নীত হব লাগিব।

Share

1 Comment

Rabin Pathak · 6 September 2021 at 3:50 PM

আমি এখন চকীক সন্মান কৰো কিন্তু চকীখনৰ গৰাকীজন শ্ৰদ্ধাৰ পাত্ৰ নহ’বও পাৰে। সেয়ে শিক্ষক সকলে সন্মান আৰু সভ্ৰম বৰ্তাই ৰাখিবলৈ সৰ্বদা প্ৰযত্ন কৰিব লাগিব । Brand Value of a teacher should not be questioned or jeopardized at any cost. We must try to protect it.

Comments are closed.