তীৰ্থমণি ডেকা
২০২১ চনৰ শান্তি স্বৰূপ ভাটনগৰ বঁটাৰে সন্মানিত হৈ ডঃ বিনয় কুমাৰ শইকীয়াই অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেখেত বৰ্তমান যোৰহাটৰ CSIR- North East Institute Of Science & Technology কৰ্মৰত এগৰাকী বিজ্ঞানী। তেখেতে ২০ বছৰৰ মূৰত এই বঁটাৰে সন্মানিত হৈ অসমৰ বিজ্ঞান ক্ষেত্ৰখনক মহীয়ান কৰিলে। তেখেতে পৃথিৱী, জলবায়ু, মহাসাগৰ আৰু প্লেনিটাৰি বিজ্ঞান শাখাত এই বঁটা লাভ কৰিছে। এই বঁটা ভাৰতৰ ন’বেল বঁটা। এই বঁটা প্ৰথমতে ১৯৫৮ চনত প্ৰদান কৰা হয়। নতুন দিল্লীৰ বিজ্ঞান ভৱনত এই বঁটা প্ৰদান কৰা হয়। ভাৰতত বিজ্ঞানৰ গৱেষণাৰ কাৰণে এই বঁটা প্ৰদান কৰা হয়। ভাৰত চৰকাৰৰ Council of scientific and Industrial Research বিভাগে এই বঁটা প্ৰদান কৰে। প্ৰত্যেক বছৰে জীৱবিজ্ঞান, ৰসায়ন বিজ্ঞান, পৰিৱেশ বিজ্ঞান, অভিযান্ত্ৰিক, গণিত, মেডিচিন আৰু পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত উল্লেখযোগ্য গৱেষণাৰ কাৰণে এই বঁটা প্ৰদান কৰা হয়।
>ভাৰতৰ বিজ্ঞানৰ ক্ষেত্ৰখনৰ মুধাফুটা সন্মান এই বঁটা অসমৰ বিজ্ঞানী এজনে লাভ কৰিলে। আশা কৰিছিলোঁ অসমৰ চৰকাৰৰ লগতে সাধাৰণ ৰাইজৰ মাজত এই খবৰটো যথেষ্ট সমাদৰ লাভ কৰিব তথা ইলেকট্ৰনিক সংবাদ মাধ্যমৰ মজিয়াত আলোচনা চক্ৰ অনুষ্ঠিত হব। কিন্তু সেইয়া দেখা পোৱা নগল। আচৰিত লাগে অসমত বিজ্ঞানৰ আলোচনাতকৈ ধৰ্মীয় উৎসৱ পাৰ্বন,আলোচনা চক্ৰ, সভা-সমিতি বহুগুণে বেছিকৈ হোৱা দেখা যায়। অসমত বিভিন্ন ধৰ্মৰ লোক বসবাস কৰে। সকলোৱে নিজৰ ধৰ্মীয় নীতিৰে বিভিন্ন অনুষ্ঠান উদযাপন কৰে। চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰে বিভিন্ন অনুষ্ঠানে। কিন্তু বিজ্ঞানৰ অনুষ্ঠানবোৰ যদিহে সাৰ্বজনীন হলহেতন তেতিয়া হলেহে অসমৰ বিভিন্ন ক্ষেত্ৰৰ উন্নতি সাধন কৰিব পৰা গলহেতেন। অসম চৰকাৰে বিজ্ঞানৰ ক্ষেত্ৰখনৰ উন্নতিৰ হকে যথেষ্ট সুপৰিকল্পনা কৰা উচিত। আমি অনুভৱ কৰোঁ যে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত এখন বিজ্ঞান ভিত্তিক আলোচনী এখন প্ৰকাশ কৰিলে ভাল হয়। য’ত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানৰ খবৰৰ লগতে অসমত হৈ থকা বিজ্ঞান বিভাগৰ আলোচনাই স্হান পায়। ইয়াৰ উপৰিও চৰকাৰে প্ৰতিবছৰে বিজ্ঞানৰ শিতানত এটা চৰকাৰী বঁটা প্ৰদান কৰি বিজ্ঞানীসকলক উৎসাহিত কৰিব পাৰে। উদীয়মান বিজ্ঞানীসকলৰ কাৰণেও চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰি অসমৰ বিজ্ঞানৰ ক্ষেত্ৰখনক আগুৱাই নিয়াত সহায় কৰিব পাৰে।