কৰুণাকান্ত ৰায়

(১) শিক্ষা হৈছে জ্ঞান আহৰণৰ এক আহিলা ৷ কিন্তু যিদিনাৰপৰা শিক্ষাক জ্ঞান আহৰণৰ মাধ্যম হিচাপে লোৱাতকৈ সামাজিক মান নিৰ্ধাৰণৰ (Social status) আহিলা হিচাপে লোৱাতহে বেছিকৈ গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে, শিকিবলৈ লোৱা বিষয় এটাৰ সাৰমৰ্ম আয়ত্ত বা হৃদয়ংগমৰ কৰাৰ সলনি ছাত্ৰ-ছাত্ৰীয়ে কেৱল নম্বৰ লাভ কৰিবলৈকে বেছিকৈ মনোনিৱেশ কৰিবলৈ ( এনেকি অভিভাৱকেও) অধিক গুৰুত্ব দিবলৈ ল’লে তেতিয়াৰপৰাই শিক্ষাৰ প্ৰকৃত সংজ্ঞা সলনি হ’বলৈ ধৰা বুলি মোৰ মনত এটা ধাৰণাই বাহ ল’বলৈ আৰম্ভ কৰিবলৈ ল’লে ৷ শিক্ষকতা এক ব্ৰতহে , কিন্তু আমি আজি বহুতেই বৃত্তি হিচাপে ল’বলৈ লৈছোঁ ৷ এয়া নিজস্ব ধাৰণাহে।

(২) ছাত্ৰ অৱস্থাত আমাৰ প্ৰাত্যহিক জীৱন-যাপনৰ সৈতে সম্পৰ্ক থকা কিছুমান বিষয়ৰ ওপৰত নিজেও পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিব লাগে ৷ যেনে–বিদ্যালয়, আমাৰ গাঁও, ধানখেতি আৰু গৰু আদিৰ বিষয়ে লিখিবলগীয়া ৰচনাখন মুখস্থ কৰাতকৈ সদায় দেখি অহা এইবোৰ বিষয়ৰ ওপৰত ছাত্ৰ-ছাত্ৰীয়ে নিজেই ৰচনাখন লিখিবলৈ ল’লেহে নিজৰ পৰ্যবেক্ষণ আৰু বৰ্ণনা কৰিব পৰা সৃজনীশীল শক্তি বৃদ্ধি হ’ব ৷ তাত কিবা বঢ়া-টুটা কৰিবলৈ শিক্ষকে সহায় কৰিব পাৰিব ৷ কিন্তু সদায় আনে প্ৰস্তুত কৰি যুগুত কৰি দিয়া ৰচনা এখন মুখস্থ কৰিবলৈ ল’লে নিজৰ পৰ্যবেক্ষণ আৰু সৃজনীশীলতাৰ বিকাশত পৰোক্ষভাৱে বাধা প্ৰদান কৰাহে হ’ব ৷

(৩) যিসকলে মেট্ৰিক, হায়াৰচেকেণ্ডাৰী, স্নাতক, স্নাতকোত্তৰ বা পি এইচ ডি ডিগ্ৰী গ্ৰহণ কৰিছে সেই সকলৰ আটায়েৰে ক্ষেত্ৰত বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে আয়ত্ত কৰা সকলোবোৰ বিষয়ৰ কথা সকলো সময়তে মনত ৰখা সম্ভৱ নহয় ৷ শিক্ষা সংসদ বা বিশ্ববিদ্যালয়ৰ প্ৰমাণপত্ৰ থাকিলেও আয়ত্ত কৰা বিষয়সমূহ চৰ্চাৰ অভাৱত এটা সময়ত বেছিভাগেই পাহৰি পেলায় ৷ কিন্তু পূৰ্বতে শিকি অহা কিছুমান কথা সদায় মনত থাকি যায় ৷ যিখিনি কথা সদায় মনত থাকি যায়, আমি প্ৰকৃততে সেইখিনিহে শিক্ষাৰহে শিক্ষিত ৷ তাততৈ বেছি শিক্ষিত বুলি কোৱাৰ কোনো যুক্তি নাথাকে ৷ অৰ্থাৎ মানুহে যিখিনি কথা জানে, তেওঁ জনা কথাখিনিৰহে শিক্ষিত। নজনা কথাখিনিৰ অভাৱ চাৰ্টিফিকেট এখন পূৰণ কৰিব নোৱাৰে।

(৪) জীৱনত কৃতিত্ব বা উন্নতি লাভ কৰিবলৈ কেৱল আনৰ শুভেচ্ছা আৰু আশীৰ্বাদকেই ভৰষা কৰি থাকিবলৈ নালাগে ৷ কৃতিত্ব লাভৰ বাবে এক অঘোষিত প্ৰতিদ্বন্দ্বিতাৰো প্ৰয়োজন হয় এগৰাকী তীক্ষ্ণ সহপাঠীক প্ৰতিদ্বন্দ্ব্বী কৰি ল’ব লাগে কোনেও নজনাকৈয়ে ৷ কিন্তু প্ৰতিদ্বন্দ্বীগৰাকী শত্ৰু জ্ঞান কৰিব নালাগে ৷ বন্ধু বুলি সহযোগিতা আগবঢ়াব লাগে ৷ প্ৰতিদ্বন্দ্বী মানে শত্ৰু নহয় ৷

( ৫ ) আমাৰ গাঁও অঞ্চলত প্ৰায়ভাগেই পথাৰত চিলা উৰুওৱা দৃশ্য দেখি আহিছে ৷ আকাশত উৰি থকা চিলাখন এডাল সূতাই ধৰি ৰাখে ৷ চিলাখন ধৰি ৰখা সূতাডাল যিমান এৰি দিয়া হয়, চিলাখনেও সিমানে আকাশৰ ওপৰলৈ উৰিবলৈ লয় ৷ এটা সময়ত ভাব হৈছিল যে সূতাডাল এৰি দিলে বা চিঙি দিলে চিলাখনে আকাশৰ বহুত ওপৰলৈ উৰি যাব ৷ কিন্তু ধাৰণাটো শুদ্ধ নহয় ৷ চিলাখনে কিছু উৰি ঢলং পলংকৈ ওপৰৰপৰা তললৈকে আহি মাটি পৰি যায় ৷ চিলাখনৰ বাবে সেই সূতাডালেই হৈছে এক অনুশাসন ৷ তেনেদৰে শিক্ষক নতুবা অভিভাৱকৰ অনুশাসন অতিক্ৰম কৰি ছাত্ৰ-ছাত্ৰীয়ে নিজাববীয়াকৈ চলিবলৈ খুজিলে সেই আকাশৰপৰা তললৈ পৰিবলৈ লোৱা চিলাখনৰ দৰে অৱস্থা হোৱাৰ দৰেই হোৱাৰ সম্ভাৱনাই অধিক ৷

Share

2 Comments

Rabin pathak · 25 September 2021 at 10:45 PM

শিক্ষা শব্দটোৰ অৰ্থ ব্যাপক । সাধাৰণ সংজ্ঞা এটাৰে নিশ্চয় ইয়াক সামৰিব নোৱাৰি। ২) পুথিগত শিক্ষা আৰু ব্যৱহাৰিক সদায় সুকীয়া । ৩) শিক্ষিত বা অশিক্ষিত প্ৰমাণ পত্ৰৰে নিশ্চয় নিৰূপিত নহয়। ৪) প্ৰতিদ্বন্দী
নিঃসন্দেহে এটা ধনাত্মক শব্দ। ৫) অনুশাসন প্ৰগতিৰ মহিৰূপ।

Uttam Das · 27 September 2021 at 7:47 AM

Very true

Comments are closed.