কৰুণাকান্ত ৰায়

মৃত্যু যে জীৱনতকৈয়ো অধিক সত্য সেই কথা জানিও সেই কথা সকলো সময়তে ভাবি থাকিবলৈ আমাৰ সময় নাই ৷ অথচ গৌতম বুদ্ধই ল’ৰালি কালতেই মানুহে কিয় বাৰ্দ্ধক্য লাভ কৰে, মানুহে কিয় ৰোগাক্ৰান্ত হয় আৰু মানুহে মৃত্যুবৰণ কৰিবলগীয়া হয় সেই কথা গভীৰভাবে অধ্যয়ন কৰাছিল ৷ বোধিবৃক্ষৰ তলত বহি তপস্যা কৰিছিল ৷ আজিৰ কোনো মানুহে তেনে কথা ভাবি সময় পাৰ নকৰে ৷

বকৰূপী ধৰ্মৰাজৰ মানুহৰ মৃত্যু সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ দিবলৈ আজি যুধিষ্ঠিৰৰ প্ৰয়োজন নহয় ৷ মৃত্যু বিষয়ক মহাকাব্যিক ধাৰণাৰ সৃষ্টি কৰা গীতাৰ বাণীয়েও আজিৰ অল্পপ্ৰাণ অনেক মানুহক শান্তি নিদিয়ে ৷

পাৰ্থিৱ জগতত মানুহৰ ইপ্সিত লক্ষ্য সীমাহীন, অনন্ত ৷ ‘ অথিৰ ধন-জন,জীৱন-যৌৱন, অথিৰ এহু সংসাৰ ৷ পুত্ৰ-পৰিবাৰ সবহি অসাৰ ৷’ বুলি গুৰুজনাৰ বৰগীতৰ সাৰ কথাখিনি আমি আওৰাই থাকোঁ ৷ তেনেদৰে লিও টলষ্টয়ৰ How much land does a man need (এজন মানুহক কিমান ভূমিৰ প্ৰয়োজন) নামৰ বিখ্যাত গল্পটো পঢ়াৰ পাছতো জীৱন সম্পৰ্কে আমাৰ উপলব্ধি কেনে হয় জানিয়েই হওক বা নাজানিয়ে হওক আমি আটায়ে পাহৰি থাকোঁ ৷ এনেবোৰ বিষয় মানুহে উপলব্ধি কৰিব পাৰি যদিও পাৰ্থিৱ সুখৰ প্ৰতি আকৃষ্ট মানুহে সকলোবোৰ কথা পাহৰি থাকে ৷

প্ৰকৃততে বাস্তৱ জগত আৰু আধ্যাত্মিক জগতখন একে নহয় ৷ মানুহে জীয়াই থকাৰ সময়তহে ধন-জন, মায়া-মমতা আদিৰ প্ৰয়োজন হয় ৷ অথচ মৃত্যুৰ পাছত এই প্ৰয়োজনটোৰ নোহোৱা হৈ যায় ৷ অৱধাৰিত মৃত্যুৰ কোনো বিকল্প নাই যদিও মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰি শ্ৰাদ্ধ আদিৰ আয়োজন কৰা হয় , তেখেতৰ জীৱিত কালৰ ভাল কামবোৰৰ স্বীকৃতি প্ৰদানৰ বাবে ৷ আধ্যাত্মিক শান্তি বিচাৰি সোঁৱৰণী সভাৰ আয়োজন কৰা হয় ৷

Share

2 Comments

Rabin Pathak · 24 September 2021 at 10:34 PM

মৃত্যু শ্বাশ্বত । অৱধাৰিত । তথাপি মানুহ হাবু-ধাবু মায়া-মোহৰ প্ৰতি। পাৰ্থিৱ সুখৰ সন্ধানত নিমগ্ন । আমি মুক্তিৰ আকাংক্ষাত থমকি ৰওঁ বহু কিবা কিবি নকৰিবলৈ। এইয়াই জীৱনৰ যথাৰ্থতা । একক ৰহস্য ।

Udayan Nath · 25 September 2021 at 7:22 AM

Nice writing

Comments are closed.