তীৰ্থমণি ডেকা
অৰ্জুন ভোগেশ্বৰ বৰুৱা সচাকৈয়ে অসমৰ জীৱন্ত কিংবদন্তি, গৌৰৱ, এক মহান অনুষ্ঠান। অসমৰ লগতে ভাৰতৰ অন্য ৰাজ্যত নিজৰ জীৱিত কালত জন্মদিন ৰাজহুৱা ভাৱে উদযাপন কৰা ব্যক্তিৰ সংখ্যা বিচাৰি পাবলৈ বিৰল। ভাৰতীয় ক্ৰীড়া মানচিত্ৰৰ প্ৰেক্ষাপটত অসমৰ নাম সোণালী আখৰৰে সন্নিবিষ্ট কৰা ভোগেশ্বৰ বৰুৱাদেৱৰ ১৯৬৬ চনৰ বেংকক এচিয়ান গেমচৰ ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক এক গৌৰৱোজ্জ্বল ঘটনা। ১৯৮২ চনৰ পৰা বলেন চক্ৰৱৰ্তী প্ৰমুখ্যে কেইগৰাকীমান সমাজ সচেতক ব্যক্তিৰ উদ্যোগত শ্ৰদ্ধাৰ ভোগেশ্বৰ বৰুৱা দেৱৰ জন্মদিন ৩ ছেপ্টেম্বৰ তাৰিখটো অভিৰুচি দিৱস হিচাপে পালন কৰাৰ পৰম্পৰা আজিলৈকে চলি আহিছে। এইবাৰৰ পৰা ৰাজ্য চৰকাৰে ভোগেশ্বৰ বৰুৱা দেৱৰ জন্ম দিনটো অসমত “ক্ৰীড়া দিৱস” হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়া চৰকাৰৰ এক প্ৰশংসনীয় পদক্ষেপ। আজিৰ এই ক্ৰীড়া দিৱসত তেখেতলৈ অযুত শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সুস্থ হৈ থকাৰ কাৰণে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছো। কিন্তু আজিৰ এই উল্লেখযোগ্য দিনটোত কিছু অচিন্তনীয় চিন্তাই মন-মগজুত জুমুৰি ধৰিছে। যদিওবা তেখেতৰ জন্ম দিনটো গোটেই অসমত অভিৰুচি দিৱস হিচাপে উদযাপন কৰি অহা হৈছে তথাপিও যেন তেখেতৰ কৰ্মৰাজিৰ বিশেষ মৰ্যাদা আমি অসমীয়া সকলে দিব নাজানিলো। তেখেতক যদিহে অসমৰ কোনো ক্ৰীড়া সংস্হাৰ বিশেষ দায়িত্ব অৰ্পণ কৰিলেহেতেন তেতিয়াহলে হয়তো অসমৰ ক্ৰীড়া ক্ষেত্ৰত যথেষ্ট উন্নতি সাধন হ’লহেতন। পৰিতাপৰ বিষয় দেশৰ বিভিন্ন ক্ৰীড়া সংস্থা সমূহৰ মুৰব্বী পদত ৰাজনৈতিক ব্যক্তিৰ আধিপত্য দেখা যায়। ১৯৬৬ চনতে এচিয়ান গেমচৰ পদক বিজয়ী খেলুৱৈ গৰাকীক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিব নোৱাৰাটো বৃহত্তৰ অসমীয়া জাতিৰ বাবে এক লজ্জাজনক বিফলতা। আজিৰ পৰা ৪-৫ বছৰ আগতে অসমৰ ক্ৰীড়া প্ৰাধাকিকৰণৰ পৰা এক পদক্ষেপ লোৱা হৈছিল ভোগেশ্বৰ বৰুৱাদেৱক পদ্মশ্ৰী বঁটাৰ বাবে ভাৰত চৰকাৰলৈ নাম প্ৰেৰণ কৰিবলৈ। কিন্তু বৰুৱাদেৱে পদ্মশ্ৰী বঁটা দিলেও গ্ৰহণ নকৰে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল। তেখেতে কৈছিল অসমৰ উঠি কৃতিত্ব প্ৰাপ্ত খেলুৱৈ তথা বিশেষ পাৰদৰ্শী ব্যক্তিৰ কাৰণে পদ্মশ্ৰী বঁটাৰ বাবে নাম মনোনীত কৰক। পদ্মশ্ৰী বঁটাৰ কাৰণে এই বয়সত মই উপযুক্ত নহয়। তেখেতে অস্বীকাৰ কৰাৰ কাৰণে অসম চৰকাৰে তেখেতৰ নাম পদ্মশ্ৰী বঁটাৰ কাৰণে ভাৰত চৰকাৰৰ ওচৰলৈ নপঠালে। আজি এই মহান দিনটোত অসমৰ জনগণৰ উদ্দেশ্য এটা কথা কওঁ যে আমি সকলোৱে ভোগেশ্বৰ বৰুৱা দেৱক পদ্মভূষণ কিম্বা পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰিবলৈ জনমত গঢ়ি তুলিব লাগে। অসম চৰকাৰৰ সকলো মন্ত্ৰী-বিধায়কৰ লগতে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশাবাদী। ইয়াৰ উপৰিও খেলুৱৈ সকলৰ কাৰণে তেখেতৰ নামত অসমৰ ক্ৰীড়া ক্ষেত্ৰত এক বঁটা আগবঢ়োৱা হওঁক। অসমৰ সকলোবোৰ জিলাৰ গ্ৰামাঞ্চলৰ ট্ৰেক এণ্ড ফিল্ডৰ উন্নতমানৰ সুবিধাৰ ক্ৰীড়া প্ৰকল্পৰ কাম তড়িৎ গতিত আৰম্ভ কৰক। তেতিয়াহলেহে তেখেতৰ প্ৰতি আমাৰ প্ৰকৃত আনুগত্য দেখুওৱা হব লগতে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ যথেষ্ট পৰিমাণে ধনাত্মক প্ৰভাৱ পৰিব। অন্যথাই ক্ৰীড়া দিৱস এক গতানুগতিক দিৱসতে আৱদ্ধ থাকিব ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ আশা কৰিব পৰা নাযাব।
3 Comments
Lakhya Handique · 3 September 2021 at 9:22 PM
সুন্দৰ আহ্বান।এটা কথা এজন ব্যক্তিয়ে এটা সন্মান বা পুৰস্কাৰৰ বাবে অনিচ্ছা প্ৰকাশ কৰিলেই তেখেতৰ মত নাইবুলি ভবা অনুচিত।এয়া এক অভিমানী মনও হ’ব পাৰে।ধন্যবাদ।
Haren · 3 September 2021 at 10:08 PM
Porhi val lagil
Rabin Pathak · 3 September 2021 at 10:14 PM
ভোগেশ্বৰ বৰুৱা সদায় ভোগেশ্বৰ বৰুৱা । অসমৰ ক্ৰীড়া জগতৰ বাটকটীয়া । আজিও এক দুৰন্ত অৰ্জুন। তেখেতৰ সৰ্বোচ্চ স্বীকৃতি আমাৰ সকলোৰে কাম্য ।
Comments are closed.