ড. দীনেশ কাকতি

যুগ্ম জীৱনৰ সাক্ষী হিচাপে সন্তান সকলোৰে কাম্য। উপযুক্ত বয়সত বিবাহপাশত আৱদ্ধ হৈ মানুহে সংসাৰ গঢ়াৰ নিয়ম। পতি পত্নীৰ যৌন কাৰ্যৰ ফলশ্ৰুতিত সন্তান জ্ন্ম হয়। পিছে গৰ্ভত থিতাপি লোৱা সন্তান ল’ৰা হ’ব নে ছোৱালী হ’ব সেয়া সহজেই জনাৰ উপায় নাই।আনকি তাক আগতীয়াকৈ জানিব বিচৰাটোও এক আইনগত অপৰাধ।আমাৰ সমাজত এতিয়াও একাংশ লোকে ছোৱালীৰ সলনি ল’ৰা জন্ম হলে আনন্দিত হয়। কিছুমানে আকৌ ছোৱালী জন্ম দিয়া মাতৃগৰাকীক অৱহেলাৰ চকুৰে চায়। ছোৱালী জন্ম দিয়া মাতৃগৰাকীক কুলক্ষণী বুলি কবলৈ কুণ্ঠাবোধ নকৰে।এয়া হ’ল কন্যা বা ল’ৰা সন্তান জন্ম হোৱাৰ বৈজ্ঞানিক ভিত্তি নজনা লোকৰ আচৰণ।
ইতিমধ্যে প্ৰমাণ হৈছে যে মহিলাৰ ডিম্বাশয়ত যিবোৰ ডিম্বাণু তৈয়াৰ হয় সেই বোৰৰ প্ৰত্যেকতে X ক্ৰমজম থাকে। অৰ্থাৎ সকলো ডিম্ব একেই।কিন্ত পুৰুষৰ শুক্ৰাশয়ত যিবোৰ শুক্ৰাণু উৎপন্ন হয় সিবোৰৰ 50 শতাংশ X ক্ৰমজম আৰু 50 শতাংশ Y ক্ৰমজম বিশিষ্ট। অৰ্থাৎ শুক্ৰাণুবোৰ একে নহয়। যদিহে যৌন সম্পৰ্কৰ দ্বাৰা মহিলাৰ দেহত প্ৰৱেশ কৰা শুক্ৰাণুবোৰৰ X ক্ৰমজম থকা শুক্ৰাণুৱে প্ৰতিযোগিতাৰ দ্বাৰা নাৰী দেহৰ ফেল’পিয়ান টিউবত অপেক্ষাৰত ডিম্বাণুক নিষিক্ত কৰে তেনেহলে সন্তান ছোৱালী হ’ব। অৰ্থাৎ পুৰুষৰ X ক্ৰমজম আৰু মহিলাৰ X ক্ৰমজমৰ লগত মিলন হ’ব। আনহাতে যদিহে পুৰুষৰ Y ক্ৰমজম থকা শুক্ৰাণুই মহিলাৰ X ক্ৰমজমৰ( মহিলাৰ সকলোতে X হে থাকে) লগত নিষিক্ত হয়, তেনেহলে ল’ৰা সন্তান হ’ব। সেয়ে সন্তান ল’ৰা হ’ব নে ছোৱালী হ’ব সেয়া পিতৃৰ শুক্ৰাণুৰ ক্ৰমজমৰ ওপৰত নিৰ্ভৰশীল।ইয়াত মাতৃ গৰাকীৰ ভূমিকা নাথাকে।
মাতৃয়ে সন্তানক ন মাহতকৈও অধিক কাল গৰ্ভত সুৰক্ষিত কৰি জন্মৰ পিছত নিজৰ দুগ্ধপান কৰাই সন্তানক ডাঙৰ দীঘল কৰে।সেয়ে জৈৱিক ভাৱে মাতৃ গৰাকী পিতৃতকৈ সন্তান লালন পালনত উচ্চ খাপৰ।এনে বৈজ্ঞানিক ধাৰণা ৰহিত সমাজত যুগে যুগে মহিলাসকল অপমানিত তথা অৱহেলিত হৈ আহিছে।ছোৱালীও যে মানৱ সম্পদ সেই ধাৰণা গা কৰি উঠা সমাজ কেতিয়াও এনে মনৰ নহয়। শিক্ষিত সমাজ আৰু চৰকাৰৰ স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত জন সজাগতা মূলক আচঁনি লৈ সমাজত থকা এনে সংকট দূৰ কৰিব পাৰে। প্ৰচাৰ মাধ্যম সমূহেও এই ক্ষেত্ৰত ইতিবাচক পদক্ষেপ ল’লে সুফল পোৱা যাব।

Share