শ্ৰেষ্ঠ বিদ্যালয় বঁটা, কৃতী শিক্ষকৰ বঁটাৰ বাবে মনোনয়ন আহ্বান

শিক্ষাৰ উত্তৰণৰ হকে গঠিত ন্যাস পৰেশ বৈশ্য ফাউণ্ডেশ্যনে 2021 বৰ্ষৰ শ্ৰেষ্ঠ বিদ্যালয় বঁটা আৰু কৃতী শিক্ষকৰ বঁটাৰ বাবে মনোনয়ন আহ্বান কৰিছে।2012 চনৰ পৰা 2021 চনলৈকে অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধাৰাবাহিক ভাৱে এশ শতাংশ ছাত্ৰ ছাত্ৰী উৰ্ত্তীণ হোৱা বিদ্যালয় সমূহে শ্ৰেষ্ঠ বিদ্যালয় বঁটাৰ বাবে মনোনয়ন দাখিল কৰিব পাৰিব। আৱেদনৰ লগত বিদ্যালয়ৰ নাম, সম্পূৰ্ণ ঠিকনা, বিদ্যালয়ৰ ফোন নম্বৰ, বিগত দহ বছৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধাৰাবাহিক ভাৱে এশ শতাংশ উৰ্ত্তীণৰ তথ্য, পূৰ্বতে অনুষ্ঠিত হোৱা গুণোৎসৱ দুটাত বিদ্যালয়ে পোৱা গ্ৰেডৰ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি, বিগত তিনিটা বছৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা অসম চৰকাৰৰ নিম্ন প্ৰাথমিক বা উচ্চ প্ৰাথমিক বৃত্তিৰ বছৰ অনুসৰি সংখ্যা,বিদ্যালয়ৰ আলোচনীৰ নাম, বিদ্যালয়ত শ্ৰেণী প্ৰতি থকা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা, বিদ্যালয়ত কৰ্মৰত প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষক- শিক্ষয়িত্ৰীৰ সংখ্যা, বিদ্যালয়ৰ আন শৈক্ষিক বা অশৈক্ষিক আন্ত:গাথনিৰ বিৱৰণ দিব লাগিব।পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ পৰা আগতে এই বঁটা পোৱা বিদ্যালয় সমূহে পুনৰবাৰ এই বঁটাৰ বাবে মনোনয়ন দাখিল কৰিব নোৱাৰিব। বঁটাৰ বাবে নিৰ্বাচিত বিদ্যালয়ক অহা 15 ছেপ্টেম্বৰত অনুষ্ঠিতব্য পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ শিক্ষা সাংবাদিকতাৰ দিনত বঁটা প্ৰদান কৰা হ’ব। বঁটাত থাকিব এখনি প্ৰমাণ পত্ৰ,এটি ট্ৰফি আৰু নগদ ধন।আনহাতে কৃতী শিক্ষকৰ বঁটাৰ বাবে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক- শিক্ষয়িত্ৰী সকলে আৱেদন কৰিব পাৰিব। আৱেদনত নিজৰ আৰু বিদ্যালয়ৰ সম্পূৰ্ণ নাম- ঠিকনা , নিজৰ ফোন নম্বৰ,শিক্ষকতাৰ অভিজ্ঞতা, শিক্ষাগত অৰ্হতা, কোনো অনুষ্ঠানৰ পৰা পূৰ্বতে পোৱা বঁটা সন্মানৰ বিৱৰণ, নিজৰ দ্বাৰা ৰচনা কৰা পুথি বা আন সাহিত্য কৰ্মৰ বিৱৰণ,নিজে কাম কৰা বিদ্যালয়ৰ যোৱা তিনি বছৰৰ পৰীক্ষাৰ ফল, ইতিমধ্যে হৈ যোৱা গুণোৎসৱ দুটাত নিজৰ বিদ্যালয়খনে লাভ কৰা গ্ৰেডৰ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি,পাঠদানৰ ক্ষেত্ৰত নিজে প্ৰয়োগ কৰা শ্ৰেষ্ঠ অনুশীলন(Best practice) ৰ বিৱৰণ বা নিজৰ আন সৃষ্টিশীল কৰ্মৰ বিৱৰণ আদি উল্লেখ কৰি আৱেদন কৰিব লাগিব। উল্লিখিত দুয়োটা বঁটাৰ ক্ষেত্ৰতেই মনোনয়ন সমূহ অহা 20 আগষ্টৰ ভিতৰত পোৱাকৈ তলৰ ঠিকনাত স্পীড পোষ্টত বা ই -মেইলত পঠাব লাগিব। বঁটা বাছনিৰ ক্ষেত্ৰত ফাউণ্ডেশ্যনৰ সিদ্ধান্ত ই চূড়ান্ত হ’ব। কোনো মনোনয়ন মাচুল নালাগে। যোগাযোগৰ ঠিকনা:পৰেশ বৈশ্য, পৰিচালনা ন্যাসৰক্ষী, পৰেশ বৈশ্য ফাউণ্ডেশ্যন, হাউছ নম্বৰ-5, পশ্চিম বৰাগাঁও হাউছফেড হাউছিং কমপ্লেক্স, ডাকঘৰ: গড়চুক, গুৱাহাটী-35, কামৰূপ মহানগৰ।

ই-মেইল [email protected]
ফোন নম্বৰ : 9859263973

Share