তীৰ্থমণি ডেকা
অলিম্পিক খেলত ভাৰতীয় খেলুৱৈ হিচাপে দ্বিতীয় আৰু এথলেটিকত প্ৰথম সোণ লাভ কৰিলে নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিকত। ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰিছো লগতে নীৰজলৈ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছো। নীৰজৰ আটাইতকৈ ভাললগা কথা হ’ল খেলত মনোনিবেশ। ভাৰতীয় সৈন্য বাহিনীত কৰ্মৰত নীৰজৰ মাজত দেখা পোৱা গৈছে বিগত সময়চোৱাত নিয়মানুবৰ্তিতা। মানসিক চাপ সহজতে নিয়ন্ত্ৰণ কৰিব পৰা সমতা আছে। এইটো নীৰজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ খেলৰ উন্নতি সাধন কৰা ক্ষেত্ৰত। নীৰজৰ আত্মবিশ্বাসত সমগ্র বিশ্ব আচৰিত তথা মুগ্ধ যেতিয়া ফাইলেনৰ দ্বিতীয় প্ৰয়াসত জেভলিন দলিয়াই নোচোৱাকৈ হাত ওপৰত তুলি নিশ্চিত হৈছিল যে সেই জেভলিন দলিয়াই তেওঁ সোণৰ পদক অৰ্জন কৰিছে। ভাৰতৰ অলিম্পিক ইতিহাসৰ পাতত নীৰজ চোপ্ৰাৰ নাম সোণোৱালী আখৰেৰে লিখা থাকিব। বিভিন্ন খেলত ভাৰতীয় খেলুৱৈ সকলৰ কেইগৰাকীমানে কোৱাৰ্টাৰ, ছেমিফাইনেল, ফাইনেলত উপনীত হৈছিল যদিও সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমৰ আগত সোণ,ৰূপ আজুৰি অনাৰ অংগীকাৰতে যেন খেলৰ ধাৰাবাহিকতা শেষ হ’ল। এই ক্ষেত্ৰত অলিম্পিক খেলৰ কেইদিন নীৰজে সামাজিক মাধ্যম তথা সংবাদ মাধ্যমৰ পৰা আঁতৰি থকাৰ লগতে খেলৰ লগত একাত্ম হৈ থকাটোৱে হয়তো তেওঁৰ সফলতাৰ এক ধনাত্মক কাৰণ হৈ পৰিল। নীৰজৰ পৰা আশা কৰিম নিজৰ খেলত মনোনিবেশ কৰি অধিক পদক অৰ্জন কৰক লগতে আন কিছু তেওঁৰ সমকক্ষ খেলুৱৈ বাচনি কৰি উলিয়াই আনক। এইবাৰ ভাৰতে অলিম্পিকত ৭ টা পদকসহ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিলে। কিন্তু বিশ্বৰ বৃহত্তম গণতন্ত্ৰ তথা বিশ্বৰ দ্বিতীয় জনসংখ্যাৰ দেশখনে আৰু অধিক সফল হবলৈ ৰাজ্য তথা গোটেই দেশৰ এক দীৰ্ঘকালীন পৰিকল্পনা হাতত লোৱা উচিত বুলি ভাৱো। আগন্তুক ২০২৪ ৰ পেৰিছ অলিম্পিক খেলত সফল হবলৈ ভাৰত চৰকাৰে প্ৰত্যেক ৰাজ্যৰ কমেও ৫ জনকৈ খেলুৱৈ নিৰ্বাচিত কৰি উপযুক্ত অনুশীলন কৰাই প্ৰস্তুত কৰিব পাৰে। একেদৰে অসম চৰকাৰেও প্ৰত্যেক জিলাৰ পৰা এজনকৈ অলিম্পিকত আয়োজন কৰা বিভিন্ন খেলৰ খেলুৱৈ বাছনি কৰি আন্তৰ্জাতিক পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হয় তেন্তে অসমৰ পৰা আৰু অধিক লাভলীনাৰ দৰে পদক বিজয়ী খেলুৱৈৰ সৃষ্টি হব। বিভিন্ন খেলৰ পাৰদৰ্শী অৱসৰপ্ৰাপ্ত খেলুৱৈ সকলক খেল সংস্থা সমূহৰ দায়িত্ব অৰ্পণ কৰিলে আমাৰ দেশৰ খেলৰ ক্ষেত্ৰখনত উন্নতি আশা কৰিব পাৰি। আকৌ আমাৰ দেশৰ বিভিন্ন পাৰদৰ্শী খেলুৱৈ সকলে সক্ৰিয় ৰাজনীতি জগতৰ লগত জড়িত হোৱা দেখা যায়। ২০০৪ চনৰ এথেন্চ অলিম্পিক খেলথ শ্বুটিংত ৰূপৰ পদক বিজয়ী ৰাজবৰ্ধন সিং ৰাথোড় কেন্দ্ৰীয় মন্ত্ৰী সভাৰ মন্ত্ৰী হিচাপে কাম কৰিছে। কিন্তু তেওঁৰ পৰিকল্পনা নিশ্চয় ফলপ্ৰসু নহল। কাৰণ আমি আন এজন পদক বিজয়ী ৰাইফল শ্বুটাৰ নাপালোঁ।
আমি অসমীয়া লোক সকলৰ এটা অপবাদ আছে যে আমি প্ৰয়োজনতকৈ অধিক আৱেগিক। আৱেগিক কাৰণেই আমি চাকি জ্বলাই প্ৰাৰ্থনা কৰি পদক জয়ৰ আশা কৰোঁ। চাকি জ্বলাই প্ৰাৰ্থনা কৰিলেই সফলতা নাহে। খেলুৱৈ সকলে সফলতা অৰ্জন কৰিবলৈ হলে যথেষ্ট অনুশীলন, বিজ্ঞান সন্মত প্ৰশিক্ষণ, খেলৰ সুবিধা আদি অত্যন্ত জৰুৰী। অসম চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিলেহে খেলুৱৈ সকলৰ উন্নতি সাধন হব। লাভলীনাক এইকেইদিনত চৰকাৰ তথা বিভিন্ন সংস্হাই উপহাৰেৰে উপচাই পেলাইছে। সুখ অনুভৱ কৰিছোঁ আমিও। এইয়া তাইৰ প্ৰাপ্য। কিন্তু লাভলীনালৈ আমাৰ অনুৰোধ অসমৰ চুকেকোণে সম্বৰ্ধনা গ্ৰহণ কৰি, সংবাদ মাধ্যমৰ আগত সাক্ষাৎকাৰ দি, বিভিন্ন ৰিয়েলিটি অনুষ্ঠানৰ বিচাৰকৰ আসন শুৱনি কৰি যেন অভাৱত সময়বোৰ নকটায়। লাভলীনা এতিয়া অসম তথা ভাৰতৰ যুবক-যুবতী সকলৰ আইডল। সেয়েহে বিজ্ঞাপনত অভিনয় কৰোঁতে কিছু চালিজাৰি চাই যেন বিজ্ঞাপন বাছনি কৰে। হিমা দাসে বিগত অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰাত যথেষ্ট পৰিমাণে সমালোচনাৰ সন্মুখীন হব লগা হৈছে। সেই কথা লাভলীনাই সদায় মনত ৰাখক। লগতে লাভলীনাৰ লগতে অসমৰ অন্য খেলুৱৈ সকলে নিজৰ স্বাভাৱিক খেলৰ অনুশীলন কৰি যাওক ইস্পিত লক্ষ্য পাবলৈ। শেষত অভিভাৱক, বিদ্যালয়ৰ শিক্ষক তথা সমাজৰ সচেতন মহলে শিশু প্ৰতিভাক চিনাক্ত কৰি খেলৰ ক্ষেত্ৰখনত এক আন্দোলন গঢ়ি তোলক যিয়ে অসম তথা ভাৰতৰ ক্ৰীড়াৰ মানচিত্ৰত এক বৃহৎ পৰিৱৰ্তন হয়।
সম্পাদকৰ টোকা: নীৰজ চোপ্ৰাৰ সোণৰ পদক লাভ ভাৰতৰ ক্ৰীড়াৰ ক্ষেত্ৰখনত এক যুগান্তকাৰী ঘটনা।এবাৰ এগৰাকী বিখ্যাত সাংবাদিক শেখৰ গুপ্তাই লিখিছিল : ভাৰতত এজনেই বিশ্বমানৰ খেলুৱৈ আছে আৰু তেওঁ হৈছে নীৰজ চোপ্ৰা। নিজৰ প্ৰতিভা, ভীষণ অধ্যাৱসায়ৰ বলত নীৰজে বিশ্ব জয় কৰিবলৈ সক্ষম হয়।